ডুবাইৰ পৰা তেজপুৰৰ কেইবাজনো লোকৰ বেংক একাউণ্টলৈ বিপুল পৰিমাণৰ ধন প্ৰৱাহিত হোৱাৰ সন্দেহজনক তথ্যানুসন্ধানৰ অংশ স্বৰূপে তেজপুৰ আৰক্ষীয়ে এগৰাকী মহিলাসহ চাৰিজনক লোকক কৰায়ত্ত কৰে । আৰক্ষী সূত্ৰে জানিব পৰা মতে, তেজপুৰৰ বৰঝাৰগাঁও অঞ্চলত চলোৱা এক বিশেষ অভিযানত জুতিকা কলিতা, জিতু কলিতা, চিমু দাস আৰু অভিজিৎ দাস নামৰ লোককেইজনক আটক কৰা হয় ।সন্দেহজনক লোককেইজনৰ নিজৰ ঘৰৰ পৰা আৰক্ষীয়ে ৪৪ খন এ টি এম কাৰ্ড, ১৭ টা বেংক পাছবুক, চেকবুক আৰু এজনৰ পাছপ’ৰ্ট উদ্ধাৰ কৰে ।আৰক্ষীয়ে জনোৱা মতে, একেটা পৰিয়ালৰ সদস্য এইসকল লোকৰ একাউণ্টত বিদেশৰ পৰা ধন লেনদেনৰ গোপন তথ্য লাভ কৰাৰ পিছত আৰক্ষীয়ে তদন্ত তীব্ৰ কৰে আৰু বৃহস্পতিবাৰে নিশা অভিযান চলাই চাৰিজনক লোকক আটক কৰে । অৱশ্যে তদন্তৰ খাতিৰত আৰক্ষীয়ে এই পৰ্যন্ত সঠিক কিমান ধনৰ লেনদেন হৈছিল আৰু ইয়াৰ উৎস কি সেই বিষয়ে এতিয়াও প্ৰকাশ কৰা নাই ।

Leave a Reply

Your email address will not be published. Required fields are marked *