ৰাজধানী দিল্লীৰ কেইবাটাও গুৰুত্বপূৰ্ণ স্থানত বিৰূপ পোষ্টাৰ লগোৱা আৰু কূটাঘাতমূলক কাৰ্যৰ পৰিকল্পনা কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৮ জন দুৰ্বৃত্তক। দিল্লী আৰক্ষীৰ স্পেচিয়েল চেলৰ এক অভিযানে পাকিস্তান আৰু বাংলাদেশ ভিত্তিক উগ্ৰপন্থী সংগঠনৰ সৈতে জড়িত এই গেংটোৰ পৰিকল্পনা নস্যাৎ কৰে। গ্ৰেপ্তাৰ হোৱা আঠজনৰ ভিতৰত এজন পশ্চিমবংগৰ মালদাৰ নিবাসী আৰু বাকী সাতজন বাংলাদেশৰ নাগৰিক বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে। বিগত ৭ ফেব্ৰুৱাৰীত দিল্লীৰ বিভিন্ন মেট্ৰ’ ষ্টেচনত আপত্তিজনক পোষ্টাৰ লগোৱাৰ পাছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছিল। চিচিটিভি ফুটেজৰ সহায়ত অনুসন্ধান চলাই দিল্লী আৰক্ষীৰ এটা দলে পশ্চিমবংগৰ কলকাতাৰ পৰা উমৰ ফাৰুখ আৰু ৰবিউল ইছলাম নামৰ দুই মূল অভিযুক্তক কৰায়ত্ত কৰে। তেওঁলোকৰ ভাষ্যৰ ভিত্তিত পৰৱৰ্তী সময়ত তামিলনাডুৰ তিৰুপুৰৰ এটা পোছাক কাৰখানাৰ পৰা আন ছয়জন বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰা হয়। তদন্তৰ পৰা জানিব পৰা মতে, ২০০৭ চনত লস্কৰ-ই-তৈবাৰ সৈতে জড়িত থকাৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা শ্বব্বীৰ আহমদ লোন নামৰ এজন দুৰ্বৃত্তই বৰ্তমান বাংলাদেশৰ পৰা এই সমগ্ৰ চক্ৰটো পৰিচালনা কৰি আছিল। গ্ৰেপ্তাৰ হোৱা লোকসকলৰ মোবাইল ফোন পৰীক্ষা কৰি আৰক্ষীয়ে দেশৰ কেইবাখনো জনবহুল চহৰ আৰু ধৰ্মীয় স্থানত কূটাঘাত চলোৱাৰ পৰিকল্পনাৰ তথ্য লাভ কৰিছে। ৰঙা কোঠকে ধৰি বিভিন্ন ঐতিহ্যমণ্ডিত স্থানত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰাৰ মাজতে দিল্লী আৰক্ষীৰ এই সফলতা অত্যন্ত গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। Share this:FacebookX Related Post navigation গান্ধীৰ নামত মেগা প্ৰকল্প: তেলেংগানাৰ সৰ্বোচ্চ প্ৰতিমূৰ্তি নিৰ্মাণ প্ৰস্তাৱক লৈ সমালোচনাৰ ধুমুহা ভাৰতৰ কালজয়ী ৰন্ধন ঐতিহ্যক ন ৰূপত প্ৰাণৱন্ত কৰি তুলিছে ছানৰাইজ স্পাইচেছে