আগন্তুক ২৬ জানুৱাৰীৰ গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত দেশৰ সীমান্তত শত্ৰু পক্ষৰ সন্দেহজনক তৎপৰতাই এতিয়া নিৰাপত্তা সংস্থাসমূহক সষ্টম কৰি তুলিছে। জম্মু-কাশ্মীৰৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত আৰু নিয়ন্ত্ৰণ ৰেখাৰ আকাশত পাকিস্তানৰ ড্ৰ’নৰ কাৰ্যকলাপ অস্বাভাৱিকভাৱে বৃদ্ধি পোৱাৰ তথ্য পোহৰলৈ আহিছে। নিৰাপত্তা সংস্থাৰ সূত্ৰই জানিবলৈ দিয়া মতে, পুঞ্চ, নৌশ্বেৰা, ৰামগড় আদিকে ধৰি বিভিন্ন সীমান্তৱৰ্তী অঞ্চলত মুঠ ৫ খনকৈ ড্ৰ’ন দেখা গৈছে, যাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ এলেকাতে হাই এলাৰ্ট জাৰি কৰা হৈছে। বিষয়াসকলে কয় যে, পাকিস্তানৰ পৰা অহা এই ড্ৰ’নসমূহ ভাৰতীয় ভূখণ্ডত কেইমিনিটমান উৰি থকাৰ পিছতে পুনৰ উভতি যায়। ৰাজৌৰীৰ নৌশ্বেৰা ছেক্টৰত সেনা জোৱানে সন্ধিয়া প্ৰায় ৬:৩৫ বজাত এখন ড্ৰ’ন প্ৰত্যক্ষ কৰি মেচিনগানেৰে গুলীচালনা কৰে। ইয়াৰ উপৰিও সাম্বাৰ ৰামগড় আৰু পুঞ্চৰ মানকোট ছেক্টৰতো ড্ৰ’ন সদৃশ বস্তু উৰি থকাৰ খবৰ পোৱা গৈছে। সেনা আৰু বি এছ এফৰ জোৱানসকলে যিকোনো ধৰণৰ অনুপ্ৰৱেশ বা কূটাঘাতমূলক কাৰ্য বিফল কৰিবলৈ সীমান্তৰ প্ৰতিটো কোণতে তীক্ষ্ণ নজৰ ৰাখিছে। ইফালে, কেৱল ড্ৰ’নেই নহয়, ১০ জানুৱাৰীত আখনূৰ ছেক্টৰত এটা সন্দেহজনক পাৰ চৰাইও ধৰা পৰিছে। স্থানীয় এজন কিশোৰে ধৰা এই পাৰটোৰ ভৰিত পাকিস্তানৰ মোবাইল নম্বৰ সম্বলিত আঙুঠি আৰু ডেউকাত “নৌশ্বেৰা আইলিং পিজোন ক্লাব”ৰ ষ্টাম্প লগোৱা আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। নিৰাপত্তা বাহিনীয়ে ইতিমধ্যে পাৰটোক জিম্মাত লৈ তদন্ত আৰম্ভ কৰিছে। তদুপৰি শুকুৰবাৰে নিশা ছাম্বা জিলাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পালোৰা গাঁৱত পাকিস্তানৰ ড্ৰ’নে নিক্ষেপ কৰা বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিছে নিৰাপত্তা বাহিনীয়ে। আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়া মতে, উদ্ধাৰ হোৱা সামগ্ৰীসমূহৰ ভিতৰত দুটা পিষ্টল, তিনিটা মেগজিন, ১৬ জাই গুলী আৰু এটা গ্ৰেনেড আছে। এই মাৰাত্মক অস্ত্ৰসমূহ সীমান্তৰ সিপাৰৰ পৰা সন্ত্ৰাসবাদীৰ সহযোগীসকলৰ বাবে পঠোৱা হৈছিল বুলি সন্দেহ কৰা হৈছে। Share this:FacebookX Related Post navigation অধিবক্তাৰ বিৰোধত মুখ্য ন্যায়াধীশৰ অসন্তোষ; উত্তৰ গুৱাহাটীত সংহত ন্যায়িক আদালতৰ আধাৰশিলা স্থাপন পৰিচয় বিতৰ্ক: অৱসৰপ্ৰাপ্ত নৌসেনা মুৰব্বীক জাননী জাৰি নিৰ্বাচন আয়োগৰ