ওড়িশাৰ কটকস্থিত এছ চি বি চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত দেওবাৰে নিশা এক শোকাৱহ অগ্নিকাণ্ড সংঘটিত হয়। নিশা প্ৰায় ২.৩০ বজাত চিকিৎসালয়খনৰ প্ৰথম মহলাত থকা জৰুৰীকালীন সেৱাৰ আই চি ইউ কক্ষত এই জুইৰ সূত্ৰপাত ঘটে। এই অনাকাংক্ষিত ঘটনাত বৰ্তমানলৈকে ১০ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰা হৈছে।

অগ্নিকাণ্ডৰ সময়ত আই চি ইউ কক্ষটোত কেইবাজনো সংকটজনক ৰোগী চিকিৎসাধীন হৈ আছিল। জুই প্ৰত্যক্ষ কৰাৰ লগে লগে চিকিৎসালয়খনত থকা ৰোগী আৰু তেওঁলোকৰ আত্মীয়সকলৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি হয়। অৱশ্যে অগ্নিনিৰ্বাপক বাহিনীৰ লোকে তৎক্ষণাত ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় যদিও ইতিমধ্যে কেইবাজনো লোকৰ প্ৰাণহানি ঘটে।

ঘটনাৰ খবৰ লাভ কৰাৰ পাছতেই ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিয়ে চিকিৎসালয়খনত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। তেওঁ মৃতকৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ স্বাস্থ্যৰ বুজ লয়। জানিব পৰা মতে, এই দুৰ্ঘটনাত চিকিৎসালয়খনৰ ১১ গৰাকী কৰ্মচাৰীও আহত হৈছে।

মুখ্যমন্ত্ৰী মাঝিয়ে ছ’চিয়েল মিডিয়াযোগে ঘোষণা কৰে যে এই কৰুণ ঘটনাত প্ৰাণ হেৰুওৱা প্ৰতিটো পৰিয়ালক ২৫ লাখ টকাকৈ এককালীন সাহায্য প্ৰদান কৰা হ’ব। বৰ্তমান আই চি ইউৰ বাকীসকল ৰোগীক সুৰক্ষিতভাৱে উদ্ধাৰ কৰি অন্য চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে। এই ভয়াৱহ অগ্নিকাণ্ড কেনেকৈ সংঘটিত হ’ল, সেই সন্দৰ্ভত ইতিমধ্যে এক তদন্তৰ নিৰ্দেশ দিয়া হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *