মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰ জিলাৰ এটা অবৈধ কয়লা খনিত বৃহস্পতিবাৰে পুৱা সংঘটিত এক ভয়ংকৰ ডাইনামাইট বিস্ফোৰণত দহজন শ্ৰমিকৰ থিতাতে মৃত্যু হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জিলাখনৰ থাংঙ্কু অঞ্চলত অৱস্থিত এই খনিটোত কয়লা নিষ্কাশনৰ বাবে কৰা বিস্ফোৰণৰ ফলত পাহাৰৰ এটা অংশ খহি পৰে আৰু তাৰ তলতে শ্ৰমিককেইজন সমাধিস্থ হয়। এই ঘটনাত আন এজন শ্ৰমিক গুৰুতৰভাৱে আহত হৈছে আৰু তেওঁক উন্নত চিকিৎসাৰ বাবে শ্বিলঙলৈ প্ৰেৰণ কৰা হৈছে।

পূব জয়ন্তীয়া পাহাৰ জিলাৰ আৰক্ষী অধীক্ষক বিকাশ কুমাৰে সদৰী কৰা অনুসৰি, খনিটোৰ ভিতৰত উদ্ধাৰ অভিযান চলাই ইতিমধ্যে চাৰিজন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। অৱশ্যে খনিটোৰ গভীৰতাত এতিয়াও বহু শ্ৰমিক আবদ্ধ হৈ থকাৰ সম্ভাৱনা আছে। বিস্ফোৰণৰ পিছতে খনিটোৰ এটা অংশ খহি পৰাৰ বাবে উদ্ধাৰকাৰী দলৰ বাবে কাম কৰাটো যথেষ্ট প্ৰত্যাহ্বানজনক হৈ পৰিছে বুলি তেওঁ জানিবলৈ দিয়ে।

আৰক্ষীৰ প্ৰাথমিক তদন্তত এই খনিটো সম্পূৰ্ণ অবৈধভাৱে পৰিচালিত হৈ আছিল বুলি সন্দেহ কৰা হৈছে। বিস্ফোৰণৰ প্ৰকৃত কাৰণ জানিবলৈ ইতিমধ্যে ফৰেনচিক বিশেষজ্ঞ আৰু বোমা বিশেষজ্ঞৰ দল ঘটনাস্থলীত উপস্থিত হৈছে। ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (SDRF) আৰু অগ্নি নিৰ্বাপক বাহিনীৰ সহযোগত বৰ্তমান উদ্ধাৰ অভিযান দ্ৰুত গতিত চলাই থকা হৈছে। নিহত শ্ৰমিক কেইজন অসমৰ বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে ২০১৪ চনত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে মেঘালয়ত এনে বিপদজনক ‘ৰেট-হোল’ মাইনিং নিষিদ্ধ কৰিছিল যদিও একাংশ লোকে এতিয়াও গোপনে এই কাম চলাই থকাৰ অভিযোগ উঠিছে। মৃত শ্ৰমিকসকল অসমৰ বুলি সন্দেহ কৰা হৈছে যদিও বৰ্তমানলৈকে তেওঁলোকৰ পৰিচয় আনুষ্ঠানিকভাৱে নিশ্চিত কৰা হোৱা নাই। আগন্তুক সময়ত এই সন্দৰ্ভত এক উচ্চস্তৰীয় তদন্তৰ নিৰ্দেশ দিয়া হ’ব বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *