পশ্চিমবংগৰ বিধানসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত অব্যাহত থকা ৰাজনৈতিক সংঘাত এতিয়া চৰম পৰ্যায়ত উপনীত হৈছে। কলকাতাত নিৰ্বাচনী ৰণনীতি প্ৰস্তুতকাৰী সংস্থা আই-পেকৰ কাৰ্যালয়ত ইডিয়ে চলোৱা অভিযানৰ প্ৰতিবাদত শুকুৰবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ কাৰ্যালয়ৰ সন্মুখত তৃণমূল কংগ্ৰেছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। নতুন দিল্লীত হোৱা এই প্ৰতিবাদী কাৰ্যসূচীৰ মাজতে আৰক্ষী উপস্থিত হৈ ডেৰেক অ’ ব্ৰায়ান, মহুৱা মৈত্রা আৰু কীৰ্তি আজাদৰ দৰে জ্যেষ্ঠ সাংসদসকলক বলপূৰ্বকভাৱে আটক কৰে। বিজেপিয়ে কেন্দ্ৰীয় সংস্থাক অপব্যৱহাৰ কৰি বিৰোধীৰ নিৰ্বাচনী তথ্য চুৰি কৰিবলৈ চেষ্টা চলাইছে বুলি তৃণমূলৰ সাংসদসকলে অভিযোগ উত্থাপন কৰে। প্ৰতিবাদৰ সময়ত আৰক্ষীৰ সৈতে সাংসদসকলৰ তীব্ৰ বাক-বিতণ্ডা আৰু টনা-আঁজোৰা হোৱা দেখা যায়। বিশেষকৈ মহুৱা মৈত্ৰা আৰু ডেৰেক অ’ ব্ৰায়ানক আৰক্ষীয়ে চোঁচৰাই নি গাড়ীত উঠোৱাৰ দৃশ্যই ৰাষ্ট্ৰীয় ৰাজনীতিত চাঞ্চল্যৰ সৃষ্টি কৰিছে। সাংসদসকলে অভিযোগ কৰিছে যে চৰকাৰে গণতান্ত্ৰিক কণ্ঠ ৰোধ কৰিবলৈ আৰক্ষীক ব্যৱহাৰ কৰিছে। ইফালে, এই সমগ্ৰ বিতৰ্কৰ সূত্ৰপাত ঘটে বৃহস্পতিবাৰে যেতিয়া মমতা বেনাৰ্জীয়ে কলকাতাৰ প্ৰতীক জৈনৰ ঘৰত চলি থকা ইডিৰ অভিযানৰ মাজতে নিজেই উপস্থিত হয়। ইডিয়ে অভিযোগ কৰিছে যে মুখ্যমন্ত্ৰীয়ে তদন্তত বাধা দিছে আৰু গুৰুত্বপূৰ্ণ প্ৰমাণ হিচাপে থকা কিছুমান ফাইল আৰু লেপটপ নিজৰ সৈতে লৈ গৈছে। আনহাতে, মমতাই অভিযোগ কৰে যে অমিত শ্বাহৰ নিৰ্দেশত ইডিয়ে তৃণমূলৰ গোপন নিৰ্বাচনী ৰণনীতি আৰু প্ৰাৰ্থীৰ তালিকা চুৰি কৰিবলৈ চেষ্টা কৰিছিল, যাৰ বাবে তেওঁ দলীয় নথিপত্ৰসমূহ সুৰক্ষিত কৰিবলৈ বাধ্য হৈছে। এই সংঘাত এতিয়া কলকাতা উচ্চ ন্যায়ালয়ৰ মজিয়া পাইছেগৈ। ইডিয়ে তদন্তত বাধা দিয়াৰ বিৰুদ্ধে আৰু তৃণমূলে এই অভিযানৰ বৈধতাক প্ৰত্যাহ্বান জনাই দুখনকৈ সুকীয়া আবেদন দাখিল কৰিছে। নিৰ্বাচনৰ মাত্ৰ কেইমাহমান পূৰ্বে ইডি আৰু তৃণমূলৰ মাজত সৃষ্টি হোৱা এই নজিৰবিহীন সংঘাতে আগন্তুক দিনত বংগৰ ৰাজনীতিত অধিক উত্তেজনা বৃদ্ধি কৰিব বুলি চৰ্চা চলিছে। Share this:FacebookX Related Post navigation মৰৱাডী বিশ্ববিদ্যালয়ে উজ্জ্বল গুজৰাট সন্মেলনত কেন্দ্ৰীয় স্থান লাভ কৰিছে শ্লীপাৰ বাছ নিৰ্মাণৰ বাবে নতুন নীতি কেন্দ্ৰৰ! যাত্ৰীৰ সুৰক্ষা নিশ্চিত কৰিবলৈ কঠোৰ নীতিন গাডকাৰী