ভাৰতৰ আগশাৰীৰ টিন পপ বয় বেণ্ড আউটষ্টেচনে অহা ৪ এপ্ৰিলত নিজৰ দ্বিতীয়টো একক গীত ‘আজ কল’ মুকলি কৰাৰ বাবে গুৱাহাটীৰ শিল্পগ্ৰামলৈ আহিব। বহু প্ৰত্যাশিত এই অনুষ্ঠান নিজৰ আউটষ্টেচন টু ইউৰ ষ্টেচন পপ-আপ আইপিৰ অংশ, এই অনুষ্ঠানটো মহানগৰখনৰ বছৰৰ অন্যতম বৃহৎ যুৱ সংগীত সমাৱেশ হ’ব বুলি প্ৰতিশ্ৰুতি দিছে। ইতিমধ্যে এই বিনামূলীয়া প্ৰৱেশৰ সুবিধা আগবঢ়োৱা অনুষ্ঠানটোৱে যথেষ্ট চৰ্চা-আগ্ৰহৰ সৃষ্টি কৰিছে, ইতিমধ্যে ১০,০০০ৰো অধিক লোকে আৰএছভিপি লাভ কৰিছে, যিয়ে অনুষ্ঠানটোৰ প্ৰতি আগ্ৰহৰ দিশটো চিহ্নিত কৰিছে।

ডিচেম্বৰ মাহত বেণ্ডটোৰ পূৰ্বৰ গুৱাহাটীৰ মেগা অনুষ্ঠানৰ ওপৰত ভিত্তি কৰি আয়োজকসকলে বিপুল জনসমাগমৰ আশা কৰিছে, এইবেলিও একেধৰণৰ ব্যাপক দৰ্শকক আকৰ্ষণৰ প্ৰত্যাশা কৰিছে। সংগীত সন্ধিয়াৰ মুখ্য আকৰ্ষণ হ’ব এই ধৰণৰ প্ৰথমটো লাইভ মুহূৰ্ত: ‘আজ কল’ গীতটো সমস্বৰে পৰিৱেশন। পূৰ্বে লাভ কৰা তীব্ৰ সঁহাৰিৰ বাবেই উন্মোচনৰ বাবে গুৱাহাটী মহানগৰীক বাছি লোৱা বুলি জানিবলৈ দিয়ে বেণ্ডটোৱে। বেণ্ডটোৱে কয়, “আমি বিচাৰো যে এই অনুষ্ঠানটো জীৱনতকৈও ডাঙৰ-বিশাল হওক, ‘আজ কল’ আমাৰ বাবে অতি বিশেষ আৰু আমি চহৰখনত আমাৰ হাজাৰ হাজাৰ সংগীতানুৰাগীৰ সৈতে ইয়াক পোনপটীয়াকৈ পৰিৱেশন কৰিবলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছোঁ, যিখন চহৰে আমাক ইমান মৰম দিছিল।”

৩০ মিনিটৰ এই অনুষ্ঠানটোত শেহতীয়াকৈ আত্মপ্ৰকাশ কৰা ট্ৰেক ‘তুম ছে “, পূৰ্বে পৰিৱেশন নকৰা গীত আৰু পাৰস্পৰিক কথোপকথনৰ অংশ অন্তৰ্ভুক্ত কৰা হৈছে। বিশ্ব অভিলেখৰ প্ৰতিভা অনুসন্ধানৰ জৰিয়তে গঠন কৰা পাঁচজনীয়া দলটো গ্ৰেমী মনোনীত গীতিকাৰ সাৱন কোটেচাৰ পৰামৰ্শ আৰু একন আৰু অনুভ জৈনৰ দৰে শিল্পীৰ সান্নিধ্য লাভ কৰিছে। গুৱাহাটীৰ এই অনুষ্ঠানটোৱে যুৱপ্ৰজন্মৰ দ্বাৰা পৰিচালিত পোনপটীয়া মনোৰঞ্জনৰ কেন্দ্ৰ হিচাপে মহানগৰখনৰ বৰ্ধিত গুৰুত্ব প্ৰতিফলিত কৰিছে। আৰম্ভণিৰ প্ৰবল চাহিদাই পপ কনচাৰ্টৰ বাণিজ্যিক সম্ভাৱনা বৃদ্ধি পোৱাৰ ইংগিত দিয়ে, ব্ৰেণ্ড আৰু আয়োজকসকলে গুৱাহাটীক জেন জেড-কেন্দ্ৰিক সংগীত অভিজ্ঞতাৰ বাবে এক মূল কেন্দ্ৰ হিচাপে ক্ৰমান্বয়ে লক্ষ্য কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *