প্ৰধানমন্ত্ৰীৰ ভ্ৰমণক লৈ ৰাজ্যজুৰি প্ৰস্তুতি চলি থকাৰ মাজতে এক গম্ভীৰ বিষয় উত্থাপন কৰিছে এআইইউডিএফৰ বিধায়ক ৰফিকুল ইছলামে। বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত তেওঁ ক্ষোভেৰে কয় যে ৰাজ্যত চলি থকা বুলডজাৰ অভিযানে হাজাৰ হাজাৰ বৈধ ভাৰতীয় নাগৰিকক গৃহহাৰা কৰিছে। প্ৰধানমন্ত্ৰীয়ে উন্নয়নৰ কথা ক’বলৈ আহোঁতে এই নিৰাশ্ৰয় পৰিয়ালসমূহৰ আৰ্তনাদৰ প্ৰতিও চকু দিয়া উচিত বুলি তেওঁ দাবী জনায়।

ইছলামৰ মতে, চৰকাৰৰ ‘সবকা সাথ, সবকা বিকাশ’ৰ শ্লোগানটো কেৱল নিৰ্বাচনী গীত হৈ থাকিব নালাগে। যদি চৰকাৰে সঁচাকৈয়ে সকলোৰে উন্নয়ন বিচাৰে, তেন্তে ৰাজপথত আশ্ৰয় লোৱা এই উচ্ছেদিত লোকসকলৰ বাবেও কোনো সমাধান সূত্ৰ দিব লাগিব। প্ৰধানমন্ত্ৰীৰ আসন্ন ভ্ৰমণৰ সময়ত তেওঁৰ ভাষণত এই স্পৰ্শকাতৰ বিষয়টোৱে স্থান পালেহে বিৰোধীৰ চৰকাৰৰ প্ৰতি থকা অবিশ্বাস দূৰ হ’ব বুলিও তেওঁ মন্তব্য কৰে।

ইফালে, বাংলাদেশৰ পৰিস্থিতিক লৈও চৰকাৰক অধিক সতৰ্ক আৰু দৃঢ় হ’বলৈ তেওঁ আহ্বান জনায়। বাংলাদেশৰ একাংশ নেতাৰ ভাৰত বিৰোধী মন্তব্যৰ কোনো প্ৰকৃত ভিত্তি নাই বুলি উল্লেখ কৰি তেওঁ কয় যে কোনো শক্তিয়েই ভাৰতক চকু ৰঙা কৰাৰ সাহস কৰিব নোৱাৰে। ৰাষ্ট্ৰীয় সুৰক্ষাৰ স্বাৰ্থত ভাৰত চৰকাৰে যিকোনো উচতনিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল’ব লাগে।

Leave a Reply

Your email address will not be published. Required fields are marked *