তথ্যপ্ৰযুক্তি সেৱা, পৰামৰ্শ আৰু ব্যৱসায়িক সমাধানৰ ক্ষেত্ৰত বিশ্বব্যাপী আগশাৰীৰ প্ৰতিষ্ঠান টাটা কনচালটেন্সি চাৰ্ভিচেছ (টিচিএছ) (বিএছই: ৫৩২৫৪০, এনএছই: টিচিএছ) আৰু কৰ্ণাটক চৰকাৰৰ ইলেক্ট্ৰনিক্স, আইটি এণ্ড বিটি বিভাগে টিচিএছ গ্ৰাম্য আইটি কুইজ প্ৰতিযোগিতাৰ ২৬ সংখ্যক সংস্কৰণৰ বাবে পঞ্জীয়ন মুকলি কৰাৰ কথা ঘোষণা কৰিছে। এই প্ৰতিযোগিতাখন বেংগালুৰু টেক ছামিট ২০২৫ৰ এটা অংশ, এই কুইজত অনলাইন পৰীক্ষা, ভাৰ্চুৱেল আৰু ভৌতিক কুইজ ৰাউণ্ড অনুষ্ঠিত হয়। সমগ্ৰ ভাৰতৰ সৰু সৰু চহৰ আৰু জিলাৰ অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলক এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰা হৈছে।

অৱশ্যে এই কুইজ অৱশ্যে চহৰ-নগৰ অঞ্চলৰ বিদ্যালয়সমূহৰ বাবে মুকলি নহয়।  টিচিএছ গ্ৰাম্য আইটি কুইজে বিভিন্ন খণ্ডত প্ৰযুক্তিৰ প্ৰয়োগ আৰু অন্যান্য দিশ যেনে প্ৰযুক্তি পৰিৱেশ, ব্যৱসায়, ইয়াৰ লোকসকল, এআই আৰু ক্লাউড কম্পিউটিঙকে ধৰি নতুন ট্ৰেণ্ডৰ ওপৰত গুৰুত্ব আৰোপ কৰিব। ইয়াৰ লগতে তথ্যপ্ৰযুক্তিয়ে প্ৰভাৱ পেলোৱা ক্ষেত্ৰসমূহো সামৰি ল’ব, যেনে বেংকিং, শিক্ষা, মনোৰঞ্জন, ৰবটিক্স, কিতাপ, মাল্টিমিডিয়া, সংগীত, চিনেমা, ইণ্টাৰনেট, বিজ্ঞাপন, ক্ৰীড়া, গেমিং আৰু ছচিয়েল নেটৱৰ্কিং আদি। আঠটা আঞ্চলিক ফাইনেল অনুষ্ঠিত হ ‘ব, বিজয়ীসকলে ২০২৫ চনৰ নৱেম্বৰত বেংগালুৰুত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় ফাইনেললৈ অগ্ৰসৰ হ’ব। সকলো আঞ্চলিক বিজয়ী আৰু ৰানাৰ্ছ আপ দলে ক্ৰমে ১০,০০০ আৰু ৭,০০০ টকাৰ উপহাৰ ভাউচাৰ লাভ কৰিব। ৰাষ্ট্ৰীয় বিজয়ী আৰু ৰানাৰ্ছ আপ দলে অতিৰিক্তভাৱে ক্ৰমে ১০০,০০০ আৰু ৫০,০০০ টকাৰ টিচিএছ শিক্ষা বৃত্তি লাভ কৰিব। আগ্ৰহী ছাত্ৰ-ছাত্ৰীসকলে ৩০ ছেপ্টেম্বৰ, ২০২৫ৰ পূৰ্বে https://iur.ls/tcsruralitquiz2025reg ত কুইজৰ বাবে পঞ্জীয়ন কৰিব পাৰিব। এই পদক্ষেপে এইপৰ্যন্ত ২১.৫ মিলিয়নৰো অধিক শিক্ষাৰ্থীৰ কাষ চাপিবলৈ সক্ষম হৈছে আৰু ইয়াক লিমকা বুক অৱ ৰেকৰ্ডছে ভাৰতৰ গ্ৰাম্য শিক্ষাৰ্থীসকলৰ বাবে প্ৰথম আইটি কুইজ হিচাপে স্বীকৃতি দিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *