টাটা কনচালটেন্সি চাৰ্ভিচেছ(টিচিএছ)-এ কৰ্ণাটক চৰকাৰৰ ইলেক্ট্ৰনিক্স, তথ্যপ্ৰযুক্তি, বিটি আৰু বিজ্ঞান তথা প্ৰযুক্তি বিভাগৰ সহযোগত টিচিএছ গ্ৰাম্য তথ্যপ্ৰযুক্তি কুইজ প্ৰতিযোগিতাৰ ২৫ সংখ্যক সংস্কৰণৰ বাবে পঞ্জীয়ন মুকলি কৰাৰ কথা সদৰি কৰিছে। গৌৰৱোজ্বল ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিয়া প্ৰতিযোগিতাখনে ভাৰতৰ গ্ৰাম্য ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰথম আইটি কুইজ হিচাপে লিমকা বুক অৱ ৰেকৰ্ডছে স্বীকৃতি দিছে এই প্ৰতিযোগিতাখনক। বেংগালুৰু প্ৰযুক্তি সন্মিলনৰ অন্যতম মুখ্য আকৰ্ষণ হ’ব ৰূপালী জয়ন্তী সংস্কৰণ, এইবাৰ মহানগৰ অঞ্চলৰ এলেকাবোৰ বাদ দি সৰু চহৰ আৰু জিলাবোৰৰ অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলক প্ৰতিযোগিতাত অংশ ল’বলৈ আমন্ত্ৰণ জনোৱা হৈছে। এই কুইজ প্ৰতিযোগিতাই প্ৰাৰম্ভিক অৱস্থাত অনলাইন আৰু ভৌতিক ৰাউণ্ড সামৰি ল’ব, এআই, ক্লাউড কম্পিউটিং আৰু বেংক, শিক্ষা আৰু মনোৰঞ্জনৰ দৰে খণ্ডত আইটিৰ প্ৰভাৱ আৰু প্ৰযুক্তিৰ শেহতীয়া ট্ৰেণ্ডৰ ওপৰত গুৰুত্ব আৰোপ কৰিব। নৱেম্বৰ মাহত বেংগালুৰুত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় ফাইনেল, ইয়াৰ পূৰ্বে পৃথকে আঠটা অঞ্চলত আয়োজিত হ’ব আঞ্চলিক ফাইনেল। এই প্ৰতিযোগিতাত বিজয়ীসকলে টিচিএছৰ শিক্ষা জলপানিকে ধৰি আকৰ্ষণীয় পুৰস্কাৰ লাভ কৰিব। ইয়াৰ পূৰ্বৰ ২০২৩ চনৰ সংস্কৰণত ভাৰতৰ ২৮খন ৰাজ্য আৰু পাঁচখন কেন্দ্ৰীয় শাসিত অঞ্চলত ৫.৫ লাখৰো অধিক অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰিছিল। এই কুইজ প্ৰতিযোগিতাখনে অসমৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অত্যাধুনিক প্ৰযুক্তিৰ সৈতে জড়িত হোৱাৰ লগতে স্বীকৃতি লাভ কৰাৰ এক সুবৰ্ণ সুযোগ আনি দিছে। প্ৰযুক্তি-সক্ষম পেছাদাৰীসকলৰ ক্ৰমবৰ্ধমান চাহিদাৰ সৈতে সংগতি ৰাখি অঞ্চলটোত তথ্যপ্ৰযুক্তি বিষয়ত সজাগতা আৰু শৈক্ষিক সম্ভাৱনা বৃদ্ধিৰ বাবে এই প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ সাজু হৈছে। ছাত্ৰ-ছাত্ৰীসকলক ২০২৪ৰ ১ অক্টোবৰৰ পূৰ্বে, টিচিএছ গ্ৰাম্য আইটি কুইজ পঞ্জীয়নত পঞ্জীয়ন কৰিব পাৰিব, আগ্ৰহীসকলক শীঘ্ৰে পঞ্জীয়ন কৰিবলৈ আহ্বান জনোৱা হৈছে। Share this:FacebookX Related Post navigation ভিয়ে ভাৰতত পিচিআই ডিএছএছ ৪.০ প্ৰমাণপত্ৰৰ নেতৃত্বত টেলিকম সুৰক্ষা প্ৰাপ্ত কৰে শ্ৰী জয়ন্ত চৌধুৰীয়ে এলডিএলচি কেন্দ্ৰত লিয়’নত অনুষ্ঠিত বিশাল উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে