দেশৰ আগশাৰীৰ অটোমোটিভ নিৰ্মাতা প্ৰতিষ্ঠান টাটা মটৰ্ছে এলট্ৰ’জ ৰেচাৰ মুকলি কৰাৰ কথা ঘোষণা কৰিছে, যি হৈছে কোম্পানীটোৰ প্ৰিমিয়াম হেচবেকৰ স্প’ৰ্টী অৱতাৰ। ১.২ লিটাৰ টাৰ্বো পেট্ৰ’ল ইঞ্জিন মুকলিৰ লগে লগে আলট্ৰ’জৰ পৰিৱেশন মাত্ৰাই শিখৰ চুমিলে। ৰেচ কাৰৰ দ্বাৰা অনুপ্ৰাণিত বাহ্যিক আৰু আভ্যন্তৰীণ ৰূপৰ সৈতে উন্নীত কৰা হৈছে ১২০ পিএছ @৫৫০০ আৰপিএম শক্তি আৰু ১৭০ এনএম @১৭৫০ৰ পৰা ৪০০০ আৰপিএমৰ টৰ্কৰ সৈতে সংযুক্ত, আলট্ৰজৰ এই স্পৰ্টী বিৱৰ্তনে প্ৰতিটো ড্ৰাইভৰ সৈতে বিশুদ্ধ উল্লাসৰ অভিজ্ঞতাৰ প্ৰতিশ্ৰুতি দিয়ে। আলট্ৰ’জ ৰেচাৰত আছে ৩৬০ ডিগ্ৰী কেমেৰা, ২৬.০৩ চে.মি. ইনফ’টেইনমেণ্ট টা্চ্চস্ক্ৰীণ, ভেণ্টিলেটেড ছীট আৰু ৬টা এয়াৰবেগযুক্ত শীৰ্ষস্থানীয় হেচবেক। চহৰৰ যাতায়ত আৰু ঘাইপথত মসৃণভাৱে বাহন চলোৱাৰ বাবে ৬ স্পীড মেনুৱেল গিয়েৰবক্সৰ সৈতে ই এটা হেচবেক প্ৰদান কৰা হৈছে। তিনিটা ভিন্নতা (আৰ১, আৰ২ আৰু আৰ৩) আৰু তিনিটা ৰঙ (পিয়ৰ গ্ৰে, এটমিক অৰেঞ্জ আৰু এভিনিউ হোৱাইট)ত উপলব্ধ, ইয়াত উন্নত প্ৰযুক্তি আৰু সুৰক্ষা প্ৰদান কৰা হৈছে। টাটা মটৰ্ছে দুটা নতুন এলট্ৰ’জ ভেৰিয়েণ্ট (এক্সজেড লাক্স আৰু এক্সজেড+এছ লাক্স) মুকলি কৰিছে আৰু এলট্ৰ’জ পৰিসৰত এটা (এক্সজেড+অ’এছ) উন্নীত কৰিছে, যি পেট্ৰ’ল মেনুৱেল, পেট্ৰ’ল ডিচিএ, ডিজেল আৰু চিএনজি পাৱাৰ ট্ৰেইনত উপলব্ধ। টাটা পেচেঞ্জাৰ ইলেক্ট্ৰিক মবিলিটী লিমিটেডৰ মুখ্য বাণিজ্যিক বিষয়া বিবেক শ্ৰীবৎসই এই বিষয়ে কয় যে, “প্ৰদৰ্শন চালিত ডিএনএ আৰু ৰেচ কাৰ অনুপ্ৰাণিত লুকৰ সৈতে আমি নিশ্চিত যে, ই আপোনাক #RacePastTheRoutine কৰি তুলিব।” Share this:FacebookX Related Post navigation বালিকা নামৰ সংগঠনটোৰ শুভাৰম্ভণি, একত্ৰিত বাংলাদেশ আৰু ভাৰতৰ যকৃতৰ বিশেষজ্ঞ বন্যহস্তীৰ মুক্ত বিচৰণ