ভাৰতৰ বৈদ্যুতিক বাহন বিপ্লৱৰ বাবে পৰিচিত প্ৰতিষ্ঠান টাটা পেচেঞ্জাৰ ইলেক্ট্ৰিক মবিলিটী লিমিটেডে (টিপিইএম) হিন্দুস্তান পেট্ৰ’লিয়াম কৰ্প’ৰেচন লিমিটেড(এইচপিচিএল)ৰ সৈতে সমগ্ৰ দেশজুৰি ৰাজহুৱা চাৰ্জিং ষ্টেচন স্থাপনত সহযোগিতা কৰিবলৈ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। এই সহযোগিতাই এইচপিচিএলৰ বিস্তৃত ইন্ধন কেন্দ্ৰৰ নেটৱৰ্ক আৰু ভাৰতীয় ৰাজপথত ১.২ লাখতকৈও অধিক টাটা ইভিৰ জৰিয়তে টিপিইএমৰ অন্তৰ্দৃষ্টি লাভ কৰিব আৰু টাটা ইভি বাহনৰ গৰাকীসকলে সঘনাই ভ্ৰমণ কৰা স্থানসমূহত চাৰ্জাৰ স্থাপন কৰিব।

ইয়াৰ লগতে আহি থকা দিনবোৰত গ্ৰাহকৰ অভিজ্ঞতা উন্নীত কৰাৰ বাবে এইচপিচিএলে চাৰ্জাৰৰ ব্যৱহাৰৰ বিষয়ে অন্তৰ্দৃষ্টি সংগ্ৰহ কৰিব। এই সহযোগিতাৰ জৰিয়তে বৈদ্যুতিক বাহনৰ প্ৰচাৰ-প্ৰসাৰ আৰু সহযোগী প্ৰতিষ্ঠান-ব্ৰেণ্ড আৰ এফ আই ডি কাৰ্ড ব্যৱহাৰ কৰি সুবিধাজনক পেমেণ্ট ব্যৱস্থা প্ৰৱৰ্তন কৰাই হৈছে মূল লক্ষ্য। শেহতীয়া ইভিৰ বজাৰৰ আগশাৰীৰ প্ৰতিষ্ঠান টিপিইএমৰ ৬৮% অংশীদাৰিত্ব আছে এই বজাৰখনত। দেশৰ সৰ্ববৃহৎ ইভি খুচুৰা বিক্ৰেতা এইচপিচিএলৰ সমগ্ৰ দেশত ২১,৫০০ৰো অধিক ইন্ধন ষ্টেচনৰ নেটৱৰ্ক আছে আৰু ২০২৪ৰ ডিচেম্বৰৰ ভিতৰত ৫,০০০ চাৰ্জিং ষ্টেচন স্থাপনৰ লক্ষ্য ৰাখিছে। টিপিইএমে ভাৰতত ইভি ইক’চিষ্টেম গঢ়ি তোলাৰ ক্ষেত্ৰত আগভাগ লৈছে।

ইয়াৰ অংশৰূপে গুৰুগ্ৰামত প্ৰথম ইভি এক্সক্লুছিভ ষ্ট’ৰ মুকলি কৰিছে আৰু চাৰ্জিং আন্তঃগাঁথনি সম্প্ৰসাৰণ কৰিবলৈ বিভিন্ন অপাৰেটৰৰ সৈতে কাম কৰিছে। এইচপিচিএলে সমগ্ৰ দেশতে বেটাৰী শ্বেপিং ষ্টেচনকে ধৰি ৩,০৫০টা ইভি চাৰ্জিং ষ্টেচন স্থাপন কৰিছে। এই বিষয়ে টাটা পেচেঞ্জাৰ ইলেক্ট্ৰিক মবিলিটী লিমিটেড আৰু টাটা মটৰ্ছ পেচেঞ্জাৰ ভেহিকেলছ লিমিটেডৰ মুখ্য ষ্ট্ৰেটেজিক অফিচাৰ বালাজি ৰাজনে কয় যে, “ইভি ব্যৱহাৰৰ বিষয়ে টিপিইএমৰ সুদূৰপ্ৰসাৰী অন্তৰ্দৃষ্টি আৰু এইচপিচিএলৰ দেশজোৰা বিশাল নেটৱৰ্কৰ সহায়ত এই অংশীদাৰিত্বই দেশৰ চাৰ্জিং আন্তঃগাঁথনিৰ পৰিৱেশ ৰূপান্তৰিত কৰাৰ প্ৰবল সম্ভাৱনা আছে ৷”

Leave a Reply

Your email address will not be published. Required fields are marked *