ভাৰতীয় বিবাহৰ সৈতে সম্পৰ্কিত বৰ্ধিত বিত্তীয় বোজা সমাধান কৰাৰ বাবে দেশৰ আগশাৰীৰ জীৱন বীমাকৰ্তা টাটা এআইএ লাইফ ইঞ্চুৰেন্সে মুকলি কৰিলে ‘শুভ মুহুৰত’, যি হৈছে এক নতুন জীৱন বীমা সমাধান। এই পদক্ষেপ অভিভাৱকসকলক নিজৰ সন্তানৰ সপোনৰ বিবাহৰ বাবে প্ৰণালীবদ্ধভাৱে সঞ্চয় কৰাত সহায় কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে আৰু সমান্তৰালভাৱে অপ্ৰত্যাশিত পৰিস্থিতিত বিত্তীয় সুৰক্ষা প্ৰদান কৰা হৈছে। পৰম্পৰাগতভাৱে ভাৰতীয় পৰিয়ালসমূহে বিয়াৰ বাবে ধন জমা কৰিবলৈ সোণ, ফিক্সড ডিপ’জিট আৰু অন্যান্য গতানুগতিক সঞ্চয় পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰি আহিছে। কিন্তু এই বিকল্পসমূহত প্ৰায়ে নমনীয়তা বা সময়ৰ লগে লগে ধন-সম্পদ যথেষ্ট বৃদ্ধিৰ সম্ভাৱনা নাথাকে। শুভমুহুৰত এক সমাধান হিচাপে আত্মপ্ৰকাশ কৰিছে, যিয়ে জীৱন বীমাৰ জৰিয়তে লক্ষ্যভিত্তিক সঞ্চয়ক প্ৰসাৰিত কৰিছে। ভাৰতীয় বিবাহ উদ্যোগ এক উত্থানশীল উদ্যোগ, ইয়াৰ আনুমানিক বজাৰ মূল্য ১০.৭ লাখ কোটি টকা আৰু কেৱল ২০২৪ চনতে ৮০ লাখৰো অধিক বিয়া অনুষ্ঠিত হৈছিল। ভাৰতত বিবাহ কেৱল এক অনুষ্ঠান নহয়; এখন বিয়া হৈছে পৰিয়াল, প্ৰেম আৰু এক নতুন অধ্যায়ৰ আৰম্ভণিৰ বিশাল উদযাপন। এক আড়ম্বৰপূৰ্ণ বিবাহ সম্পন্ন কৰাৰ চাপে পৰিয়ালসমূহৰ ওপৰত যথেষ্ট আৰ্থিক চাপৰ সৃষ্টি কৰিব পাৰে। অসমৰ সৰ্ববৃহৎ চহৰ তথা উঃ-পূবৰ দুৱাৰমুখ গুৱাহাটীবাসীয়েও এই শুভ মুহূৰতৰ দ্বাৰা লাভান্বিত হোৱাৰ সম্ভাৱনা আছে। গুৱাহাটীৰ স্পন্দনশীল সংস্কৃতিয়ে বিবাহ বিষয়ক গুৰুত্বপূৰ্ণ অনুষ্ঠানৰ ওপৰত সদায়ে আৰোপ কৰি আহিছে, যাৰ ফলত ব্যয় বৃদ্ধি পায়েই আছে। এই নতুন জীৱন বীমা সমাধানে গুৱাহাটীৰ বাসিন্দাসকলক নিজৰ নিজৰ সপোনৰ বিবাহ অধিক পদ্ধতিগতভাৱে পৰিকল্পনা কৰাত আৰু নিজৰ বিত্তীয় লক্ষ্যত উপনীত হ’বলৈ সহায় কৰিব পাৰে। Share this:FacebookX Related Post navigation এনএছডিচি-এন এ এছ সহযোগিতাৰ জৰিয়তে মিৰাটৰ যুৱক-যুৱতীসকলে উদ্যোগ-প্ৰস্তুত দক্ষতা লাভ কৰিব স্কিল ইণ্ডিয়াই এআই বুষ্ট মেটাৰ লামা মডেলৰ সহায়ক লাভ কৰে