বাংলাদেশত চলি থকা তীব্ৰ ৰাজনৈতিক অস্থিৰতা আৰু সাম্প্ৰদায়িক উত্তেজনাৰ মাজতে বৃহস্পতিবাৰে ১৭ বছৰীয়া নিৰ্বাসনৰ অন্ত পেলাই স্বদেশলৈ উভতিল বাংলাদেশ নেশ্বনেলিষ্ট পাৰ্টিৰ (BNP) কাৰ্যবাহী অধ্যক্ষ তাৰেক ৰহমান। ছাত্ৰ নেতা ওচমান হাদীৰ হত্যা আৰু শেহতীয়াকৈ এজন হিন্দু ব্যক্তিক মৰিয়াই হত্যা কৰা ঘটনাক লৈ সমগ্ৰ দেশ জ্বলি থকাৰ সময়তে তাৰেকৰ এই প্ৰত্যাৱৰ্তনক অতি তাৎপৰ্যপূৰ্ণ বুলি গণ্য কৰা হৈছে। লণ্ডনৰ পৰা ঢাকাৰ বিমানবন্দৰত অৱতৰণ কৰাৰ পাছতে তেওঁক হাজাৰ হাজাৰ সমৰ্থকে উষ্ম আদৰণি জনায়।

২০২৬ চনৰ ফেব্ৰুৱাৰীত হ’বলগীয়া সাধাৰণ নিৰ্বাচনৰ পূৰ্বে তাৰেক ৰহমানৰ এই আগমনক বি এন পিৰ বাবে এক শক্তিশালী সঞ্জীৱনী হিচাপে দেখা গৈছে। পূৰ্বাচলত আয়োজিত এক বিশাল জনসভাত ভাষণ দি ৬০ বছৰীয়া ৰহমানে মাৰ্টিন লুথাৰ কিং জুনিয়ৰৰ সেই বিখ্যাত ‘আই হেভ এ ড্ৰিম’ ভাষণৰ দৰে নিজৰ পৰিকল্পনা ব্যক্ত কৰে। তেওঁ কয় যে তেওঁৰ লক্ষ্য হৈছে এখন সুৰক্ষিত বাংলাদেশ গঢ়ি তোলা, য’ত ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোৱে শান্তিৰে বাস কৰিব পাৰিব।

তাৰেক ৰহমানে তেওঁৰ ভাষণত বিশেষভাৱে সাম্প্ৰদায়িক সম্প্ৰীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে বাংলাদেশ কেৱল এচাম লোকৰ নহয়, বৰঞ্চ ইয়াত পাহাৰ আৰু সমতলৰ সকলো মুছলমান, হিন্দু, বৌদ্ধ আৰু খ্ৰীষ্টান লোকৰে সমান অধিকাৰ আছে। দেশখনক পুনৰাই গঢ়িবলৈ তেওঁ জনসাধাৰণক ঐক্যবদ্ধ হ’বলৈ আহ্বান জনায়। বিশেষকৈ মহিলা আৰু শিশুসকলৰ নিৰাপত্তা নিশ্চিত কৰাটোৱেই তেওঁৰ প্ৰথম অগ্ৰাধিকাৰ হ’ব বুলি তেওঁ প্ৰতিশ্ৰুতি দিয়ে।

উল্লেখ্য যে শেহতীয়াকৈ মৈমনসিংহত দীপু চন্দ্ৰ দাস নামৰ এজন হিন্দু যুৱকক উন্মত্ত লোকে হত্যা কৰা ঘটনাক লৈ ভাৰততো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ভাৰত চৰকাৰে ইতিমধ্যে এই বিষয়ত বাংলাদেশৰ উচ্চায়ুক্তক চমন জাৰি কৰিছে। তাৰেক ৰহমানৰ এই শান্তিৰ আহ্বানে এতিয়া বাংলাদেশত চলি থকা বিশৃংখল পৰিৱেশক শান্ত কৰিব পাৰিবনে নাই, সেয়া সময়হে ক’ব। বিমানবন্দৰৰ পৰা ওলাই আহিয়েই আৱেগিক হৈ পৰা ৰহমানে জন্মভূমিৰ মাটি স্পৰ্শ কৰি শ্ৰদ্ধা নিবেদন কৰাৰ পাছতে হাস্পতালত চিকিৎসাধীন হৈ থকা নিজৰ অসুস্থ মাতৃ খালেদা জিয়াক সাক্ষাৎ কৰিবলৈ ৰাওনা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *