সৰ্বভাৰতীয় দবা ফেডাৰেশ্যনৰ তত্বাধনত সদৌ অসম দবা সন্থাই আয়োজন  কৰা অনুৰ্ধৰ ১২ আৰু ১৮ বছৰৰ প্ৰতিযোগিতাখনৰ ১২ অনিৰ্ধত তামিলনাডুৰ ভেলাম্মাল বিদ্যায় পাৰথিপট্টু আৰু ১৮ অনুৰ্ধত এম এইছ এছ এছ মুগ্গাপাৰে দলগতভাবে  শ্ৰেষ্ঠ হয় । দ্বিতীয় আৰু তৃতীয় স্হানত থাকে ক্ৰমে ১২ অনুৰ্ধত তামিলনাডুৰ ভেল্লামাল বিদ্যালয় আলাপাক্কাম  আৰু ভেলাম্মাল বিদ্যালয় মুগাপ্পাৰ , ১৮ অনুৰ্ধত ভেলাম্মাল আলাপাক্কাম আৰু মাডুৰাই কেলভি আন্তৰ্জাতিক পাবলিক স্কুল ।

দেশৰ ৬০ খন বিদ্যালয়ে অংশ গ্ৰহণ কৰা প্ৰতিযোগিতাখনত  অসমৰ ১০ গৰাকী খেলুৱৈয়ে বৰ্ড শাখাত স্হান অৰ্জন কৰিবলৈ সক্ষম হয় । তেওঁলোক হ’ল সমুজ্জল বৰুৱা , অভিৰূপ শইকীয়া , গুৰুত্তম্ বৰা ৰিহান উপাধ্যায় , সপ্তৰ্ষি সৰকাৰ , সত্যান্য চিয়তিয়া , শিবাংশ নাহাতা , জগজিৎ সিনহা আৰু মনোদীপ ধৰ । 

সামৰণি অনুষ্ঠানত  সৰ্বভাৰতীয় দবা ফেডাৰেশ্যনৰ মুখ্য কাৰ্যবাহী বিষয়া  অজিত কুমাৰ বৰ্মা , নৰ্থ-ইষ্ট দবা ফ’ৰামৰ অধ্যক্ষ অধ্যক্ষ কে এম ৱাজাৰী , মুখ্য আৰ্বিটাৰ প্ৰমোদ ৰাজ ম’ৰে , সদৌ অসম দবা সন্থাৰ সভাপতি কন্দৰ্প কলিতা , প্ৰতিযোগিতাৰ সঞ্চালক মুকুতা ডেকা , অসম ক্ৰীড়া প্ৰাধিকৰণৰ অভিযন্তা ৰজনী কলিতা , ই এছ আই চিৰ সদস্য পংকজ পাঠক উপস্হিত থাকি বঁটা সমুহ বিতৰণ কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *