সীমান্তৰ উত্তেজনাৰ মাজতে সোমবাৰে আফগানিস্তানৰ বায়ুসেনাই চুবুৰীয়া দেশ পাকিস্তানৰ কেইবাটাও গুৰুত্বপূৰ্ণ সামৰিক ঘাটিত ড্ৰোণ যোগে এক ভয়ংকৰ আক্ৰমণ চলায়। ৰাৱালপিণ্ডিৰ নুৰ খান বিমান ঘাটিৰ পৰা আৰম্ভ কৰি কোৱেটাৰ ১২ নং কৰ্পছৰ মুখ্য কাৰ্যালয়লৈকে আফগান বায়ুসেনাৰ এই লক্ষ্যভেদী আক্ৰমণে পাকিস্তানৰ সামৰিক শক্তিৰ ব্যাপক ক্ষতিসাধন কৰিছে। পাকিস্তানৰ আকাশমাৰ্গ উলংঘনৰ প্ৰত্যুত্তৰত এই অভিযান চলোৱা বুলি আফগানিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে স্পষ্ট কৰি দিছে। আফগান প্ৰতিৰক্ষা মন্ত্ৰণালয়ে সামাজিক মাধ্যম এক্সত জনোৱা মতে, পাক সেনাৰ কেইবাটাও কমাণ্ড কেন্দ্ৰ আৰু কৌশলগত ঘাটি এই অভিযানৰ লক্ষ্য আছিল। বিশেষকৈ খাইবার পাখতুনখোৱাৰ খোৱাইজো কেম্প আৰু ঘুলনি সামৰিক ঘাটিত চলোৱা এই আক্ৰমণত পাক সেনাৰ বৃহৎ সা-সম্পত্তি ধ্বংস হোৱাৰ বাতৰি পোৱা গৈছে। যোৱা নিশা পাকিস্তানে কাবুল আৰু বাগ্ৰামৰ ওপৰত চলোৱা বিমান আক্ৰমণৰ পাছতে দুয়োখন দেশৰ মাজত এতিয়া যুদ্ধ সদৃশ পৰিৱেশে বিৰাজ কৰিছে। আফগানিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে কয়, “পাকিস্তানৰ আকাশমাৰ্গত থকা গুৰুত্বপূৰ্ণ সামৰিক প্ৰতিষ্ঠানসমূহৰ ওপৰত আজি বায়ুসেনাই এক সুপৰিকল্পিত আৰু সঠিক বিমান অভিযান চলাইছে।” তেওঁলোকে লগতে সতৰ্ক কৰি দি কয়, “আমাৰ আকাশমাৰ্গৰ যিকোনো উলংঘন বা আক্ৰমণৰ প্ৰত্যুত্তৰত ভৱিষ্যতে অধিক নিৰ্ণায়ক আৰু কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব।” পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খাজা আচিফে চুবুৰীয়া আফগানিস্তানৰ সৈতে বৰ্তমানৰ পৰিস্থিতিক ‘সৰ্বাত্মক যুদ্ধ’ বুলি অভিহিত কৰিছে। পাকিস্তানে এই সংঘৰ্ষত ২৭০ জন তালিবান যোদ্ধা নিহত হোৱাৰ দাবী কৰাৰ বিপৰীতে আফগানিস্তানৰ তালিবান চৰকাৰৰ মুখপাত্ৰ জাবিউল্লাহ মুজাহিদে ৫৫ জন পাক সৈনিকক হত্যা কৰা বুলি বিপৰীত দাবী কৰিছে। আনকি জালালাবাদত এখন পাকিস্তানী যুঁজাৰু বিমান গুলীয়াই নমোৱাৰ লগতে ইয়াৰ পাইলটগৰাকীক জীৱন্ত অৱস্থাত বন্দী কৰা বুলিও আফগান সূত্ৰই দাবী কৰিছে। এই উত্তপ্ত পৰিস্থিতিৰ মাজতে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে তালিবানক ভাৰতৰ ‘প্ৰক্সি’ হিচাপে কাম কৰাৰ অভিযোগ উত্থাপন কৰিছে। ২৬১১ কিলোমিটাৰ দৈঘ্যৰ ডুৰাণ্ড লাইনক লৈ থকা পুৰণি বিবাদে এতিয়া দুয়োখন ইছলামিক ৰাষ্ট্ৰৰ মাজত এক ভয়ংকৰ সামৰিক সংঘৰ্ষৰ ৰূপ লৈছে। বৰ্তমান সীমান্তৰ দুয়োপাৰৰ পৰিস্থিতি অত্যন্ত অগ্নিগৰ্ভা হৈ পৰাৰ লগতে দুয়োখন দেশৰ সেনা এতিয়া হাই-এলাৰ্টত আছে। Share this:FacebookX Related Post navigation ইৰাণ-আমেৰিকা উত্তেজনাৰ প্ৰভাৱ; লক্ষ্ণৌৰ পৰা ১৭ খনকৈ আন্তঃৰাষ্ট্ৰীয় ফ্লাইট বাতিল বিটিচিৰ ৰাজনীতিত খহনীয়া; প্ৰমোদ বড়োৰ সংগ ত্যাগ কৰি বিপিএফত যোগ দিব খাম্পা বৰগয়াৰীয়ে