সোৱণশিৰি নদীত এন এইচ পি চিৰ বৃহৎ নদীবান্ধৰ আতংক ৷ গেৰুকামুখৰ অতি ঠুনুকা পাহাৰত ২০০০ মেগাৱাট শক্তিসম্পন্ন এই বৃহৎ নদীবান্ধক লৈ এতিয়া আতংকিত সোৱণশিৰি বান্ধটোৰ নামনিৰ ৰাইজ ।শেহতীয়াকৈ পুনৰ বান্ধটোৰ স্পিলৱে এখনৰ তলৰ ভাগ ভয়ংকৰ গতিৰে অহা পানীয়ে খহাই নিয়ে ৷ কিন্তু বাৰিষা সময়ছোৱাত গেৰুকামুখ পাহাৰৰ বৃহৎ অংশত ভূমিস্খলনকে ধৰি বিভিন্ন অঘটন, অনাকাংক্ষিত পৰিস্থিতি সঘনাই দেখা দিয়াক লৈ উদ্বিগ্ন হৈ পৰিছে ধেমাজি-লখিমপুৰবাসী ৷উল্লেখ কৰে যে বাৰিষাৰ সময়ত স্পিলৱে ব্লক S6 নামৰ গে’টৰ কিছু পাৰ্শ্ব অংশৰ ক্ষতি হৈছে । এই কথা উল্লেখ কৰি বৰ্ষা ঋতুৰ সময়ত সঘনে বৰষুণ হৈ থাকিলে পাহাৰৰ পৰা বৈ অহা পানীত ব’ল্ডাৰ, কাঠৰ টুকুৰা আৰু যথেষ্ট বোকা আদি এই গে’টেৰে পঠিয়াই দিয়া হয় । ইয়াৰ বাবে এই গে’টৰ কিছু কিছু অংশৰ ক্ষতি হয়। Share this:FacebookX Related Post navigation প্ৰতীকবাদৰ উৰ্ধ্বত, শক্তিশালী কৰিছে এলজিবিটিকিউএ+ কণ্ঠ আৰু ব্যৱসায়ক: প্ৰাইড@গড্ৰেজ ২০২৫ জন এছএফবি-এ সাৰ্বজনীন বেংকিং অনুজ্ঞাপত্ৰৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকত জনাইছে আবেদন