অহা বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত অসমৰ ভোটাৰ তালিকাৰ শুদ্ধিকৰণ আৰু নিৰ্বাচনী প্ৰস্তুতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে ৰাজ্যত উপস্থিত থকা মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে বুধবাৰে এক সংবাদমেল সম্বোধন কৰে। ৰাজ্যত চলি থকা ভোটাৰ তালিকাৰ বিশেষ সংশোধন প্ৰক্ৰিয়া সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰি তেওঁ কয় যে এই পদক্ষেপৰ একমাত্ৰ উদ্দেশ্য হৈছে সকলো যোগ্য ভোটাৰক অন্তৰ্ভুক্ত কৰা আৰু অযোগ্য তথা সন্দেহজনক নামসমূহ তালিকাৰ পৰা আঁতৰোৱা। ৰাষ্ট্ৰীয় নিৰাপত্তাৰ স্বাৰ্থত ভোটাৰ তালিকাৰ পৰা বিদেশীৰ নাম কৰ্তনৰ বিষয়টোক লৈ সৃষ্টি হোৱা বিভিন্ন চৰ্চাৰ মাজতে আয়ুক্তগৰাকীয়ে এই স্পষ্টীকৰণ আগবঢ়ায়।

মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে উল্লেখ কৰে যে আইন অনুসৰি নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকাৰ সংশোধন কৰাটো বাধ্যতামূলক। দেশৰ আন ১২খন ৰাজ্যত ‘বিশেষ নিবিড় সংশোধন’ (এছআইআৰ) চলোৱা হৈছে যদিও অসমত এনআৰচি প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত ইয়াত কেৱল ‘বিশেষ সংশোধন’ (এছআৰ) হে চলোৱা হৈছে। তেওঁৰ মতে, এই সংশোধন প্ৰক্ৰিয়া বিশেষভাৱে সফল হৈছে আৰু সমগ্ৰ ৰাজ্যত নাম অন্তৰ্ভুক্তি বা কৰ্তনক লৈ মাত্ৰ ৫০০টা মানহে আপত্তি বা আবেদন দাখিল হৈছে।

আনহাতে, অহা ১৩ এপ্ৰিলৰ পৰা আৰম্ভ হ’বলগীয়া ৰঙালী বিহুৰ পূৰ্বেই ৰাজ্যত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব নেকি— সাংবাদিকৰ এনে এক প্ৰশ্নৰ উত্তৰত মুখ্য নিৰ্বাচন আয়ুক্তই এক ইতিবাচক ইংগিত প্ৰদান কৰে। তেওঁ কয়, “অসমৰ বাবে বিহু এটা অতি গুৰুত্বপূৰ্ণ উৎসৱ। নিৰ্বাচনৰ দিনক্ষণ চূড়ান্ত কৰাৰ সময়ত আমি বিহুৰ লগতে বিভিন্ন পক্ষৰ পৰা লাভ কৰা সকলো পৰামৰ্শ আৰু প্ৰস্তাৱৰ কথা গুৰুত্বসহকাৰে বিবেচনা কৰিম।” তেওঁৰ এই মন্তব্যৰ পাছতেই এতিয়া বিহুৰ পূৰ্বেই নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা অধিক প্ৰকট হৈ পৰিছে।

ভাৰতীয় নিৰ্বাচন আয়োগৰ পূৰ্ণ পৰ্যায়ৰ দলটোত মুখ্য নিৰ্বাচন আয়ুক্তৰ লগতে নিৰ্বাচন আয়ুক্ত সুখবীৰ সিং সান্ধু আৰু বিবেক যোশীও উপস্থিত আছিল। আয়োগৰ এই দলটোৱে বিগত তিনিটা দিনত অসমৰ বিভিন্ন ৰাজনৈতিক দল, প্ৰশাসনীয় বিষয়া আৰু অংশীদাৰসকলৰ সৈতে নিৰ্বাচনী প্ৰস্তুতিৰ বুজ লয়। নিৰ্বাচন আয়োগৰ এই ভ্ৰমণে এতিয়া ৰাজ্যত নিৰ্বাচনী গৰম অধিক বৃদ্ধি কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *