লাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলক লৈ কৰা মন্তব্যৰ পৰা দূৰত্ব বজাই ৰাখিলেও, ছাত্ৰ নেতা হাচনাত আব্দুল্লাহ এতিয়াও নিজৰ স্থিতিত অটল। ভাৰতৰ ‘ছেভেন চিষ্টাৰ্ছ’ অৰ্থাৎ উত্তৰ-পূৰ্বাঞ্চলক বিচ্চিন্ন কৰাৰ ভাবুকি দিয়াৰ পাছত নেচনেল চিটিজেন পাৰ্টিৰ নেতাজনে এতিয়া ভাৰতীয় উচ্চায়ুক্তক বাংলাদেশৰ পৰা বহিষ্কাৰ কৰাৰ দাবী উত্থাপন কৰিছে। তেওঁৰ মতে, প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক আশ্ৰয় দি ভাৰতে বাংলাদেশৰ সাৰ্বভৌমত্বক অপমান কৰিছে। কুমিল্লাৰ এক জনসভাত ভাষণ দি হাচনাতে অভিযোগ কৰে যে ভাৰতে বাংলাদেশৰ ৩০০০ তকৈও অধিক ‘সত্ৰাসবাদী’ক আশ্ৰয় আৰু প্ৰশিক্ষণ দি আছে। তেওঁ কয় যে কেৱল ভাৰতীয় দূতক তলব কৰিলেই নহ’ব, বৰঞ্চ তেওঁক দেশৰ পৰা খেদিহে পঠিয়াব লাগে। ইফালে, ভাৰত চৰকাৰে এই উচতনিমূলক মন্তব্যৰ বিৰুদ্ধে ইতিমধ্যে বাংলাদেশৰ উচ্চায়ুক্তক দিল্লীত তলব কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। বাংলাদেশৰ বৈদেশিক উপদেষ্টা তৌহিদ হোছেইনে অৱশ্যে স্পষ্ট কৰি দিছে যে হাচনাতৰ এই মন্তব্য চৰকাৰৰ স্থিতি নহয়। বাংলাদেশ চৰকাৰে কোনো ধৰণৰ বিচ্ছিন্নতাবাদ বা সন্ত্ৰাসবাদক সমৰ্থন নকৰে বুলি তেওঁ জানিবলৈ দিয়ে। কিন্তু হাচনাতৰ এই ধাৰাবাহিক ভাৰত বিৰোধী স্থিতি আৰু ইনকিলাব মঞ্চৰ নেতা ওচমান হাদীৰ মৃত্যুৰ ঘটনাই দুই দেশৰ কূটনৈতিক সম্পৰ্কত এক অভূতপূৰ্ব শীতলতা আনি দিছে। Share this:FacebookX Related Post navigation উত্তৰ ভাৰতত কুঁৱলীৰ সন্ত্ৰাস! দিল্লীত ‘ৰেড এলাৰ্ট’ জাৰি, স্তব্ধ জনজীৱন সংসদৰ শীতকালীন অধিবেশনৰ সমাপ্তি! বিৰোধীৰ প্ৰতিবাদৰ মাজতে অনিৰ্দিষ্টকাললৈ স্থগিত সদন