দেশৰ ৰোগীসকলৰ বিষ-বেদনা আৰু অস্বস্তি কম কৰাৰ লগতে ৰক্ত সংগ্ৰহ প্ৰক্ৰিয়াৰ সময়ত ছিংগল প্ৰিক(এবাৰ খোঁচা)ৰ সফলতাক কাৰ্যকৰী কৰিবলৈ সুৰক্ষা ডায়গনষ্টিকছে পূব ভাৰতত অৱস্থিত সলো সংগ্ৰহ কেন্দ্ৰত উন্নত ৰক্ত সংগ্ৰহৰ সঁজুলি যোগান ধৰি আহিছে। বিডি ভাকুটেইনাৰ® আল্ট্ৰাটাচ্চ™ পুছ বাটন ব্লাড কালেকচন চেট নামৰ এই সঁজুলিবিধ বিডি (বেটকন, ডিকিনছন এণ্ড কোম্পানী)ৰ জৰিয়তে প্ৰদান কৰা হৈছে।

যোৱা কেইবছৰমানত ৰোগীসকলে মেডিকেল লেবৰ পৰা ক্ৰমান্বয়ে ব্যতিক্ৰমী ৰোগীৰ অভিজ্ঞতা অন্বেষণ কৰি আছে, সঠিক পৰীক্ষাৰ ফলাফলৰ লগতে তেজ সংগ্ৰহৰ সময়ত ৰোগীৰ অৱস্থা আৰু যত্নও ধাৰাবাহিকভাৱে গুৰুত্বপূৰ্ণ পদক্ষেপ হৈ পৰিছে। পূব ভাৰতৰ সৰ্ববৃহৎ পৰীক্ষাগাৰ সুৰক্ষা ডায়গনষ্টিকছে এক মৃদু, সুৰক্ষিত আৰু দ্ৰুত ৰক্ত সংগ্ৰহ প্ৰক্ৰিয়া প্ৰদান কৰি ৰোগীৰ অভিজ্ঞতা বৃদ্ধি কৰাৰ বাবে উন্নত প্ৰযুক্তি সন্নিৱিষ্ট কৰি প্ৰয়োগ আৰম্ভ কৰিছে। সুৰক্ষা ডায়গনষ্টিকছৰ সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া ৰিতু মিট্টালে কয় যে, “ৰোগীৰ যত্ন আৰু আৰোগ্য দ্ৰুত কৰাৰ ক্ষেত্ৰত আমি কোনো ধৰণৰ সুৰুঙা নৰখাৰ লক্ষ্য ৰাখিছো, কিয়নো ৰোগীৰ বিষ হ্ৰাস কৰাটো প্ৰায়ে উপেক্ষা কৰা হয় কিন্তু ইও অতি গুৰুত্বপূৰ্ণ অংশ।”

বিডি ভাকুটেইনাৰ® আল্ট্ৰাটাচ্চ™ পুছ বাটন ব্লাড কালেকচন চেটটোক বিডি ৰাইটগজটিএম প্ৰযুক্তিৰে ডিজাইন কৰা হৈছে, যাৰ ফলত তেজ সংগ্ৰহৰ বাবে এটা ‘পাতল’ বেজী ব্যৱহাৰ কৰা হয় আৰু বিডিপেণ্টাপইণ্টটিএম প্ৰযুক্তিৰ সৈতে সংযুক্ত, বৰ্তমান বিডি ভাকুটাইনাৰ® আল্ট্ৰাটাচ্চ™ পুছ বাটনৰ সৈতে উপলব্ধ, যিয়ে এজন ৰোগীয়ে বেজীৰ আঘাত পোৱাৰ সম্ভাৱনা ৮৮% হ্ৰাস পায়।

Leave a Reply

Your email address will not be published. Required fields are marked *