উচ্চতম ন্যায়ালয়ে মঙলবাৰে অসম চৰকাৰক বিদেশী ঘোষণা কৰা লোকসকলক বিতাড়ন কৰাৰ পৰিৱৰ্তে অনিৰ্দিষ্ট কালৰ বাবে ডিটেনচন চেণ্টাৰত ৰখাৰ বাবে তীব্ৰ সমালোচনা কৰে আৰু কয় যে আপোনালোকে কিবা মুহুৰ্তৰ বাবে অপেক্ষা কৰি আছে নেকি? ন্যায়াধীশ অভয় এছ ওকা আৰু ন্যায়াধীশ উজ্জ্বল ভূঞাৰ বিচাৰপীঠে কয় যে আটকাধীন ব্যক্তিসকলৰ বিদেশী ৰাষ্ট্ৰীয়তা নিশ্চিত হোৱাৰ লগে লগে তেওঁলোকক তৎক্ষণাৎ বিতাড়িত কৰা উচিত।

বিচাৰপীঠে কয়-আপুনি তেওঁলোকৰ ঠিকনা অজ্ঞাত বুলি কৈ নিৰ্বাসন প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ অস্বীকাৰ কৰিছে। এইটো আমাৰ চিন্তা কিয় হ’ব লাগে? তেওঁলোকক তেওঁলোকৰ দেশলৈ উভতাই পঠিয়াওক। আপোনালোকে এটা শুভ মুহূৰ্তৰ বাবে অপেক্ষা কৰি আছে নেকি? বিচাৰপীঠে অসম চৰকাৰক প্ৰতিনিধিত্ব কৰা অধিবক্তাজনক কয় – যেতিয়া আপুনি এজন ব্যক্তিক বিদেশী বুলি ঘোষণা কৰে, আপুনি পৰৱৰ্তী পদক্ষেপ ল’ব লাগিব।

আপুনি তেওঁলোকক অনিৰ্দিষ্ট কালৰ বাবে ডিটেনচন চেণ্টাৰত ৰাখিব নোৱাৰে। অসমত বিদেশীসকলৰ বাবে কেইবাটাও ডিটেনচন চেণ্টাৰ আছে। আপোনালোকে কিমানজন লোকক বিতাড়িত কৰা হৈছে? উচ্চতম ন্যায়ালয়ে অসম চৰকাৰক দুসপ্তাহৰ ভিতৰত ডিটেনচন চেণ্টাৰত বন্দী হৈ থকা ৬৩ জন ব্যক্তিক বিতাড়ন আৰম্ভ কৰিবলৈ আৰু শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *