যিটো গোচৰক লৈ সমগ্ৰ দেশ উত্তাল হৈ আছিল, সেই আৰ জি কৰ হাস্পতালৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ গোচৰটোৱে বুধবাৰে এক নতুন মোৰ ল’লে। উচ্চতম ন্যায়ালয়ে গোচৰটোৰ নিৰীক্ষণৰ দায়িত্ব এতিয়াৰে পৰা নিজৰ হাতৰ পৰা কলকাতা উচ্চ ন্যায়ালয়লৈ হস্তান্তৰ কৰিছে। ন্যায়াধীশ এম এম সুন্দৰেশ আৰু ন্যায়াধীশ সতীশ চন্দ্ৰ শৰ্মাৰ বিচাৰপীঠে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশসমূহ কেনেদৰে কাৰ্যকৰী হৈছে, তাৰ ওপৰত চকু ৰাখিবলৈ উচ্চ ন্যায়ালয়ক অনুৰোধ জনাইছে। উচ্চতম ন্যায়ালয়ে লগতে এক গুৰুত্বপূৰ্ণ নিৰ্দেশ দি কয় যে তদন্তৰ শেহতীয়া স্থিতি প্ৰতিবেদনৰ এটা কপি ভুক্তভোগী চিকিৎসকগৰাকীৰ পিতৃ-মাতৃক প্ৰদান কৰিব লাগিব। উল্লেখ্য যে, ২০২৪ চনত উচ্চতম ন্যায়ালয়ে স্বতন্ত্ৰভাৱে এই গোচৰটোৰ গুৰুত্ব বুজি নিজৰ নিৰীক্ষণলৈ আনিছিল। চিকিৎসকসকলৰ নিৰাপত্তাৰ বাবে গঠন কৰা ৰাষ্ট্ৰীয় টাস্ক ফ’ৰ্চৰ কাম-কাজো এতিয়াৰে পৰা কলকাতা উচ্চ ন্যায়ালয়ৰ এক সাংবিধানিক বিচাৰপীঠে নিৰীক্ষণ কৰিব। যোৱা বছৰৰ ৯ আগষ্টত কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ ছেমিনাৰ ৰুমত এগৰাকী প্ৰশিক্ষণৰত চিকিৎসকৰ মৃতদেহ উদ্ধাৰ হৈছিল। এই জঘন্য কাণ্ডই সমগ্ৰ দেশতে তীব্ৰ প্ৰতিবাদৰ সৃষ্টি কৰিছিল। কলকাতা আৰক্ষীয়ে পিছদিনাই সঞ্জয় ৰায় নামৰ এজন চিভিক ভলণ্টিয়াৰক গ্ৰেপ্তাৰ কৰিছিল। চলিত বৰ্ষৰ ২০ জানুৱাৰীত কলকাতাৰ এখন নিম্ন আদালতে সঞ্জয় ৰায়ক ‘মৃত্যু পৰ্যন্ত কাৰাদণ্ড’ৰ শাস্তি বিহাৰ পাছতো উচ্চতম ন্যায়ালয়ে কেইবাটাও আনুষংগিক দিশ নিৰীক্ষণ কৰি আছিল। ইফালে, ৰাষ্ট্ৰীয় টাস্ক ফ’ৰ্চে তেওঁলোকৰ প্ৰতিবেদনত জনাইছে যে স্বাস্থ্যকৰ্মীসকলৰ সুৰক্ষাৰ বাবে কোনো সুকীয়া কেন্দ্ৰীয় আইনৰ প্ৰয়োজন নাই, কিয়নো ভাৰতীয় ন্যায় সংহিতা আৰু বিভিন্ন ৰাজ্যিক আইনত এই সন্দৰ্ভত পৰ্যাপ্ত ব্যৱস্থা আছে। প্ৰথমে কলকাতা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছিল যদিও কলিকতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত যোৱা ১৩ আগষ্টত গোচৰটো চিবিআইক হস্তান্তৰ কৰা হৈছিল। এতিয়াৰে পৰা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ দ্বাৰা গঠিত এক বিশেষ বিচাৰপীঠে এই সমগ্ৰ বিষয়টো পৰিচালনা কৰিব। Share this:FacebookX Related Post navigation কেঁচা নহৰুৰ উপকাৰী গুণৰ বিষয়ে জানেনে? “আইচক্ৰীমৰ ব্যৱসায়ো এতিয়া আদানি-আম্বানীৰ হাতত!” -ক্ষুদ্ৰ উদ্যোগক ধ্বংস কৰাৰ অভিযোগ ৰাহুল গান্ধীৰ