অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ আৰু অসমত সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়াত পলম হোৱাৰ বাবে উচ্চতম ন্যায়ালয়ে মঙলবাৰে উদ্বেগ প্ৰকাশ কৰে। ২০২০ চনৰ ৰাষ্ট্ৰপতিৰ আদেশৰ দ্বাৰা প্ৰক্ৰিয়াটো স্থগিত ৰখাৰ নিৰ্দেশ প্ৰত্যাহাৰ কৰাৰ পিছত এই বিলম্ব ঘটিছে। ভাৰতৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ সঞ্জয় কুমাৰৰ বিচাৰপীঠে কয়-এবাৰ ৰাষ্ট্ৰপতিয়ে অধিসূচনা বাতিল কৰিলে, সীমানিৰ্ধাৰণ প্ৰক্ৰিয়াৰ সৈতে আগবাঢ়ি যোৱাটো পৰ্যাপ্ত।

ইয়াৰ পিছত বিলম্ব কিয় বুলি প্ৰশ্ন কৰে।বিচাৰপীঠে কেন্দ্ৰৰ হৈ হাজিৰ হোৱা অতিৰিক্ত ছলিচিটৰ জেনেৰেল কে.এম. নটৰাজক বিষয়টোত ভৱিষ্যতৰ কাৰ্যপন্থাৰ ওপৰত নিৰ্দেশনা ল’বলৈ কয়। মুখ্য ন্যায়াধীশে কয়-এই সন্দৰ্ভত নিৰ্দেশনা লওক, এই কামটো কৰিব লাগিব, ই এক বিধিবদ্ধ আদেশ আৰু সেয়েহে, ইয়াক পালন কৰিব লাগিব।

 অতিৰিক্ত ছলিচিটৰ জেনেৰেলে কয় যে অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ বাবে আলোচনা চলি আছে কিন্তু মণিপুৰত চলি থকা হিংসাৰ বাবে তাত পৰিস্থিতি বিৰূপ হৈ পৰিছে। পৰৱৰ্তী সময়ত, উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ আৰু নাগালেণ্ড ৰাজ্যৰ বাবে সীমানিৰ্ধাৰণ দাবী সমিতিয়ে দাখিল কৰা আবেদনৰ শুনানি ২০২৫ চনৰ জানুৱাৰীলৈ স্থগিত ৰখা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *