বিধাসভাই গৃহীত বিধেয়কসমূহৰ ওপৰত ৰাষ্ট্ৰপতিয়ে সিদ্ধান্ত লোৱাৰ সময়সীমা নিৰ্ধাৰণ কৰিব পাৰি নে নাই সেই সন্দৰ্ভত ৰাষ্ট্ৰপতিৰ ৰেফাৰেন্সৰ ওপৰত মঙলবাৰে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ পৰা উত্তৰ বিচাৰিছে। মুখ্য ন্যায়াধীশ বি আৰ গভাই নেতৃত্বত ন্যায়াধীশ সূৰ্য্যকান্ত, ন্যায়াধীশ বিক্ৰম নাথ, ন্যায়াধীশ পি. নৰসিংহ আৰু ন্যায়াধীশ এ এছ চন্দুৰকাৰৰ পাঁচজনীয়া সংবিধান বিচাৰপীঠে অহা মঙলবাৰৰ ভিতৰত কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ পৰা উত্তৰ বিচাৰিছে।

বিচাৰপীঠে কয় যে এই বিষয়টো কেৱল এখন ৰাজ্যৰ নহয়, সমগ্ৰ দেশৰ। ২৯ জুলাইত শুনানিৰ সময়সূচী নিৰ্ধাৰণ কৰি আগষ্টৰ মাজভাগৰ ভিতৰত শুনানি আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে বিচাৰপীঠে। মে’ মাহত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ১৪৩(১) অনুচ্ছেদৰ অধীনত নিজৰ ক্ষমতা প্ৰয়োগ কৰি ৮ এপ্ৰিলৰ ৰায়দানৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ক ১৪টা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছিল।

৮ এপ্ৰিলত উচ্চতম ন্যায়ালয়ৰ ৰায়দানত ৰাজ্যপাল আৰু ৰাষ্ট্ৰপতিয়ে ৰাজ্যৰ বিধায়িনী দলে গৃহীত কৰা বিধেয়কসমূহৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ সময়সীমা নিৰ্ধাৰণ কৰিছিল। সংবিধানৰ ১৪৩(১) অনুচ্ছেদত ৰাষ্ট্ৰপতিৰ উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শ লোৱাৰ ক্ষমতাৰ বিষয়ে উল্লেখ কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *