বছৰ বছৰ ধৰি আইটিচিৰ প্ৰিয় কুকিজ ব্ৰেণ্ড – ছানফিষ্ট ম’মছ মেজিকে কেৱল সুস্বাদু কুকিজৰ বাবে নিজকে প্ৰতিষ্ঠিত আৰু সমৰ্পিত কৰি আহিছে—ম’মছ মেজিকে মাতৃত্বৰ সাৰমৰ্মক উদযাপন কৰি আহিছে, প্ৰতিটো শিশুৰ জীৱনৰ “আটাইতকৈ উষ্ণ মহাশক্তি” হিচাপে মাতৃসকলক সন্মান প্ৰদৰ্শন কৰি আহিছে। এই আস্থাৰ ওপৰত অটল থাকি এই বছৰ ম’মছ মেজিকে সজাগতা বৃদ্ধি আৰু ‘ভাৰতত দত্তক গ্ৰহণ’ক উৎসাহিত কৰাৰ এক সুদূৰপ্ৰসাৰী উদ্দেশ্য হাতত লৈছে। ‘নো ম’ৰ মিছড কল’, ‘হাগ হাৰ ম’ৰ’ আৰু ‘উইল অৱ চেঞ্জ’ৰ দৰে শক্তিশালী প্ৰচাৰ অভিযানৰ পিছত ব্ৰেণ্ডটোৱে দত্তক গ্ৰহম কৰা মাতৃসকলক কেন্দ্ৰ কৰি সমাজৰ পক্ষপাতিত্বৰ বিৰুদ্ধে এক শক্তিশালী দৃষ্টিভংগীৰ পৰিৱৰ্তনৰ প্ৰয়াস অব্যাহত ৰাখিছে, প্ৰতিগৰাকী এনে মাতৃয়ে প্ৰাপ্য সন্মান আৰু সমান গ্ৰহণযোগ্যতা লাভ কৰাটো নিশ্চিত কৰিবলৈ চেষ্টা কৰিছে। সজাগতা বৃদ্ধি পোৱাৰ পিছতো ভাৰতত দত্তক লগ্ৰহণ এতিয়াও কলংক আৰু আৱেগিক পক্ষপাতিত্ব ৰূপে বিবেচিত হৈ আহিছে, বিশেষকৈ দত্তক মাতৃক সমান বুলি স্বীকৃতি দিয়াৰ ক্ষেত্ৰত আজিও মুক্ত হ’ব পৰা নাই। বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ ম’মছ মেজিকে কলকাতাত ‘ভাৰতত দত্তক গ্ৰহণক স্বাভাৱিক আৰু উৎসাহিত কৰা’ শীৰ্ষক এক চিন্তা-উদ্দীপক পেনেল আয়োজন চক্ৰৰ আয়োজন কৰে। এই সভাত বিশিষ্ট ব্যক্তি ৰূপে উপস্থিত আছিল দ্য ইণ্ডিয়ান ছচায়িটী ফৰ স্পনচৰশ্বিপ এণ্ড এডপচন (আইএছএছএ)ৰ সচিব সৌমেতা মেধোৰা, অভিনেত্ৰী মন্দিৰা বেদী, আইটিছি ফুডছৰ মুখ্য ডিজিটেল মাৰ্কেটিং বিষয়া শুভদীপ বেনাৰ্জী, আগন্তুক ছবি ডিয়াৰ মা-ৰ পৰিচালক প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা অনিৰুদ্ধ ৰয় চৌধুৰী আৰু ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰা জয়া আহছানে। এই আলোচনাত নিজৰ মনোগ্ৰাহী ব্যক্তব্য প্ৰকাশ কৰি প্ৰখ্যাত অভিনেত্ৰী মন্দিৰা বেদীয়ে কয়, “দত্তক গ্ৰহণ হৈছে এক সুন্দৰ আৰু পৰিৱৰ্তনশীল পছন্দ, যি সম্পূৰ্ণৰূপে ভালপোৱাৰ দ্বাৰা চালিত।” অনুষ্ঠানত ভাষণ প্ৰদান কৰি আইটিচি-ফুডছ ডিভিজনৰ মুখ্য ডিজিটেল মাৰ্কেটিং বিষয়া শুভদীপ বেনাৰ্জীয়ে কয় যে, “ম’মছ মেজিকত আমি সদায়ে মাতৃৰ প্ৰেমৰ অসাধাৰণ শক্তিক উদযাপন কৰাত বিশ্বাস কৰোঁ।” অনুষ্ঠানটোৱে ছানফিষ্ট ম’মছ মেজিক আৰু অনিৰুদ্ধ ৰয় চৌধুৰীৰ দ্বাৰা পৰিচালিত আগন্তুক চলচ্চিত্ৰ ডিয়েৰ মাৰ মাজত এক নিৰবিচ্ছিন্ন সমন্বয় চিহ্নিত কৰিছিল, য’ত প্ৰেম, সম্পৰ্ক আৰু গ্ৰহণযোগ্যতা বিচৰা এগৰাকী দত্তক মাতৃৰ আৱেগিক যাত্ৰাক সংবেদনশীলভাৱে চিত্ৰায়িত কৰা হৈছে। Share this:FacebookX Related Post navigation অসমবাসীৰ বাবে ভাল খবৰ