কিছুমান সুগন্ধি আছে যিবোৰে কেৱল কোঠা এটাই ভৰাই নোতোলে —লগতে হৃদয়ো ভৰাই তোলে। গৰম ঘিউৰ সৈতে লাহে লাহে বাদাম মিলি যোৱাটো ইয়াৰ ভিতৰত অন্যতম। ই ভাৰতীয় ঘৰবোৰৰ মাজেৰে গতিশীল স্মৃতিৰ দৰে গতি কৰে, যিয়ে ইংগিত দিয়ে যে যত্নৰে, পৰম্পৰাৰে আৰু সেই উষ্ম স্পৰ্শৰে কেৱল এগৰাকী মাতৃয়েহে বিশেষ কিবা এটা তৈয়াৰ কৰিব পাৰে। ভাৰতীয় পাকঘৰৰ এই কালজয়ী মুহূৰ্তটোৱেই ছানফিষ্টৰ নতুন অফাৰ- ম’ম্ছ মেজিক ঘি ৰোষ্টেড নাটছ কুকিজক অনুপ্ৰাণিত কৰে। এই নতুন সামগ্ৰী মুকলিৰ জৰিয়তে ব্ৰেণ্ডটোৱে গ্ৰাহকক ঘিউ-ত ৰোষ্ট কৰা বাদাম(নাট্ছ) কুকিজৰ আৰামদায়ক সোৱাদ পুনৰ অন্বেষণ কৰিবলৈ আমন্ত্ৰণ জনাইছে – য’ত কেৱল কাজুৱে নহয়, আছে আলমণ্ডো, ঠিক মায়ে প্ৰস্তুত কৰা ধৰণেৰে তৈয়াৰ কৰা। প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি মাতৃসকলে এটা সহজ সত্যক প্ৰতিপন্ন কৰি আহিছে — ঘিউত বাদাম ৰোষ্ট কৰিলে কেৱল স্বাদেই নহয়, গভীৰ অনুভূতিও বাহিৰ হয়। ই এক উষ্ণ, আমন্ত্ৰণমূলক সুগন্ধি মুক্ত কৰে আৰু সকলো বস্তুতে সমৃদ্ধ স্বাদ গঢ়ি তোলে। নতুন কুকিজ মুকলিৰ বিষয়ে সদৰি কৰি আইটিছি লিমিটেডৰ বিস্কুট এণ্ড কনফেকছনছৰ বিইউৰ মুখ্য কাৰ্যবাহী কবিতা চতুৰ্বেদীয়ে কয় যে, “ম’মছ্ মেজিকৰ ঘি ৰোষ্টেড নাটছৰ জৰিয়তে আমি সেই চিগনেশ্বাৰ নষ্টালজিয়াক এটা কুকিজত পুনৰ সৃষ্টি কৰিব বিচাৰিছিলোঁ- যি ঘিউত ৰোষ্টেড বাদাম ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হৈছে, ঠিক মায়ে প্ৰস্তুত কৰাৰ দৰেই।”
অ’গিলভিৰ আৰ্হিৰে প্ৰস্তুত কৰা নতুন টিভিচিটো দেশজুৰি মুকলি কৰা হৈছে। এই প্ৰচাৰ অভিযানে মাতৃৰ আৱেগক সুকোমল, জীৱনৰ স্নেহময় মুহূৰ্তৰ জৰিয়তে জীৱন্ত কৰি তুলিছে। এক দীঘলীয়া সময়ৰ পিছত দুজন হোষ্টেলৰ বন্ধুৱে লগ পাই মনৰ কথা পাতে। দুই বন্ধুৰ মাজৰ এজনে নতুন ম’মছ্ মেজিক পেকটো খুলি বন্ধুক এবাৰ সোৱাদ ল’বলৈ অনুৰোধ কৰিছে। এই কুকিজে বন্ধুৰ ওঁঠ স্পৰ্শ কৰা মুহূৰ্ততে নিজৰ শৈশৱৰ সোণোৱালী স্মৃতিবোৰলৈ উভতি যায়।
কেমেৰাটো মাৰ পাকঘৰৰ দিশে লৈ যোৱা হৈছে – য’ত মাতৃগৰাকীয়ে ঘিউত বাদাম ভাজি আছে৷ স্বতঃস্ফূৰ্ত হিঁকটি এটাই মাতৃগৰাকীক থমকি ৰ’বলৈ বাধ্য কৰে — আৰু ঠিক সেই সময়তে ছোৱালীজনীয়ে ফোন কৰে। বিজ্ঞাপনটোৰ শেষত কোৱা হৈছে “মা কি য়াদ কেইছে নহি আয়েগী — ঘিউত ৰোষ্ট কৰা নাটছ থকা ছানফিষ্ট ম’ম্ছ মেজিক কুকিজ”। নতুন প্ৰচাৰ ছবিখনৰ বিষয়ে উল্লেখ কৰি অ’গিলভি চাউথৰ মুখ্য সৃষ্টিশীল বিষয়া পুনীত কাপুৰে কয় যে,”এই প্ৰচাৰৰ ধাৰণাটো এই অন্তৰ্দৃষ্টিৰ পৰাই আহিছিল যে আপোনাৰ জিভাত নষ্টালজিয়াৰ টুকুৰা এটাতকৈ ভাল সোৱাদ কি হ’ব পাৰে! কিছুমান সোৱাদে বিশেষ ধৰণৰ স্মৃতি জাগ্ৰত কৰি তোলে, যিয়ে মাতৃৰ মৰমৰ কথাবোৰ পুনৰবাৰ মনত পেলাই দিয়ে।” সমগ্ৰ ভাৰতৰ খুচুৰা বিপণী আৰু ই-কমাৰ্চ প্লেটফৰ্মত এই কুকিজবিধ উপলব্ধ হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *