বিগত ২৩,২৪ তথা ২৫ মে’ত তিনিদিনীয়াকৈ সুন্দৰীদিয়া সত্ৰৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ আৱিৰ্ভাৱ মহোৎসৱৱ উপলক্ষে শেষৰ দিনা নিশা মঞ্চস্থ কৰা হয় ‘ৰূপালীম’ নাট । নাট খনৰ প্ৰতিটো দিশ স্বত:ষ্ফুৰ্ত আৰু বলিষ্ঠ উপস্থাপনৰ দ্বাৰা একপ্ৰকাৰ সফল সমাপ্তি ঘটে । নৱীন প্ৰবীন প্ৰায়বোৰ অভিনয় শিল্পীৰ অভিনয় যথেষ্ট আশাপ্ৰদ । বিশেষকৈ কেইবাখনো মঞ্চ নাটক, ধাৰাবাহিক তথা চলচ্চিত্ৰৰ সু অভিনেতা গোৱিন্দ গায়নে কৰা ‘জুনাফা’ৰ চৰিত্ৰত কৰা অভিনয়ে দৰ্শকক আপ্লুত কৰে । তেওঁৰ উপৰিও মায়াৱৰ চৰিত্ৰত উদীয়মান অভিনেতা গীতাৰ্থ শৰ্মা, মনিমুগ্ধৰ চৰিত্ৰত ভাস্কৰ অধিকাৰী, ৰুকমী ৰজাৰ চৰিত্ৰত মনোজ কুমাৰ দাস, মূল চৰিত্ৰ ৰূপালীৰ চৰিত্ৰত অনিন্দিতা পূজাৰী, ইতিভেনৰ চৰিত্ৰত খুছবু পাটোৱাৰী, তথা বিদ্যুৎ দাস আদিৰ দৰ্শনীয় অভিনয়ে ‘ৰপালীম’ সফল হোৱাত যথেষ্ট অৰিহণা আগবঢ়াইছে । তদুপৰি নিশান্ত চৌধুৰী, ৰাজীৱ দাস, বিবেক বায়ন, নিখিল বায়ন, মাধুৰ্য পাটোৱাৰী, ইন্দ্ৰ দাস, চন্দ্ৰ কান্ত অধিকাৰী, শিশু শিল্পী জ্ঞান শিখৰ গায়ন, অনুৰাগ ৰয়, শিৱম চৌধুৰী, সিদ্ধাৰ্থ বায়ন , ৰক্তিম ভাগৱতী, গৌৰৱ পাটোৱাৰী, ধৃতিৰাজ দাস, দেৱ প্ৰতীম পাঠক আদি সকলেও নিজৰ চৰিত্ৰ অনুসাৰে ‘ৰূপালীম’ক সফল কৰাত সহায় কৰে । Share this:FacebookX Related Post navigation কাঁ চলচ্চিত্ৰ মহোৎসৱত জিকিল ভাৰতৰ ৩খনকৈ ছবি ১৪ জুনত মুক্তি পাব আমিৰ খানৰ পুত্ৰ জুনেইদ খানৰ প্ৰথম ছবি “মহাৰাজ”