মণিপুৰ চৰকাৰে অসম বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত তিনিখন সীমান্তৱৰ্তী জিলাত ‘ড্ৰাই ডে’ ঘোষণা কৰিছে। এই পদক্ষেপ ভোটগ্ৰহণৰ পূৰ্বে আৰু দিনটোত যিকোনো অপ্ৰীতিকৰ পৰিস্থিতি ৰোধ কৰিবলৈ গ্ৰহণ কৰা হৈছে। ৭ এপ্ৰিলৰ বিয়লি ৫ বজাৰ পৰা ৯ এপ্ৰিলৰ বিয়লি ৫ বজালৈ এই নিষেধাজ্ঞা বলবৎ থাকিব, যি সীমান্তৱৰ্তী জিলাসমূহত কাৰ্যকৰী।

চৰকাৰী জাননী অনুসৰি, জনপ্ৰতিনিধিত্ব আইন, ১৯৫১ৰ ১৩৫চি ধাৰা আৰু আবকাৰী আইন, ১৯১০ৰ ১৭(৩) ধাৰাৰ অধীনত এই নিষেধাজ্ঞা জাৰী কৰা হৈছে। নিৰ্দিষ্ট সময়ছোৱাত সুৰা বিক্ৰী, বিতৰণ আৰু পৰিবেশন সম্পূৰ্ণৰূপে বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছে। নিৰ্বাচনী প্ৰক্ৰিয়াৰ সুৰক্ষা আৰু স্বচ্ছতা নিশ্চিত কৰিবলৈ আৰু ভোটাৰক সুৰাৰ অপব্যৱহাৰৰ পৰা ৰক্ষা কৰিবলৈ এই সতর্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

এই নিৰ্দেশনা সকলো অনুজ্ঞাপত্ৰ প্ৰাপ্ত প্ৰতিষ্ঠান যেনে খুচুৰা সুৰা বিক্ৰী কেন্দ্ৰ, বাৰ আৰু হোটেলত সমানে প্ৰযোজ্য হ’ব। আবকাৰী আৰু নির্বাচনী আইন উলংঘন কৰিলে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হব। ‘ড্ৰাই ডে’ ঘোষণাৰ পিছৰ উদ্দৌষ্য হৈছে নিৰ্বাচনকালীন আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখা আৰু নিৰ্বাচনী প্ৰক্ৰিয়াৰ মৰ্যাদা অক্ষুণ্ণ ৰখা।

Leave a Reply

Your email address will not be published. Required fields are marked *