আকাশত উৰি থকা আনন্দৰ উৎস একোটা চিলাই যে কাৰোবাৰ বাবে কাল হৈ পৰিব পাৰে, তাৰেই এক হৃদয়বিদাৰক ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ ইন্দোৰ চহৰত। মটৰচাইকেল চলাই গৈ থকা অৱস্থাত ডিঙিত চিলাৰ চোকা সূতা লাগি এজন ৪৫ বছৰীয়া ব্যক্তিৰ অকাল মৃত্যু ঘটিছে। তিলক নগৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনিষ লোধাই জনোৱা মতে, মৃত ব্যক্তিগৰাকীক ৰঘুবীৰ ধাকৰ বুলি চিনাক্ত কৰা হৈছে। খজৰানা চ’কৰ পৰা বেংগলী চ’কৰ মাজৰ পথছোৱাত এই শোকাৱহ ঘটনাটো সংঘটিত হয়। আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়া মতে, ৰঘুবীৰ ধাকৰে নিজৰ বাইকেৰে গন্তব্যস্থানলৈ গৈ থকাৰ সময়তে আকাশৰ পৰা নামি অহা এখন চিলাৰ সূতাই তেওঁৰ ডিঙি কাটি পেলায়। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ব্যক্তিগৰাকীক ততাতৈয়াকৈ হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। ইফালে, ইন্দোৰৰ মহাৰাজ যশৱন্ত ৰাও হাস্পতালত আন এক চৰম গাফিলতিৰ ঘটনা পোহৰলৈ আহিছে, য’ত এগৰাকী নাৰ্ছে ভেনফ্লন খুলিবলৈ যাওঁতে এটি ডেৰ মহীয়া শিশুৰ হাতৰ বুঢ়া আঙুলি কাটি পেলোৱাৰ অভিযোগ উত্থাপন হৈছে। নিউমোনিয়াত আক্ৰান্ত শিশুটোক চিকিৎসাৰ বাবে হাস্পতালখনত ভৰ্তি কৰোৱা হৈছিল বুলি চিকিৎসালয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে। এই অসাৱধানতাৰ ফলত শিশুটিৰ আঙুলিটো বিচ্ছিন্ন হৈ পৰাত ততাতৈয়াকৈ চুপাৰ স্পেচিয়েলিটী হাস্পতালত অস্ত্ৰোপচাৰ কৰি আঙুলিটো পুনৰ সংযোগ কৰা হৈছে। এম জি এম মেডিকেল কলেজৰ ডীন ড° অৰবিন্দ ঘংঘোৰিয়াই জনাইছে যে বৰ্তমান শিশুটিৰ অৱস্থা সুস্থিৰ আৰু এই ঘটনাত জড়িত থকাৰ অভিযোগত নাৰ্ছিং অফিচাৰ আৰতি ক্ষেত্ৰীক নিলম্বন কৰা হৈছে। Share this:FacebookX Related Post navigation মমতা বেনাৰ্জীৰ বিৰুদ্ধে চিবিআই তদন্তৰ অনুৰোধেৰে উচ্চতম ন্যায়ালয় মুখ পাতিলে ইডি ৱাশ্বিংটনৰ বাবে ভাৰততকৈ প্ৰয়োজনীয় দেশ আন কোনো নাইঃ আমেৰিকাৰ ৰাষ্ট্ৰদূত