চেম্পিয়নছ ট্ৰফীৰ ছেমি ফাইনেলত ভাৰতৰ হাতত পৰাজয়ৰ পিছত বুধবাৰে অষ্ট্ৰেলিয়াৰ কাৰ্যকৰী অধিনায়ক তথা মুখ্য বেটছমেন ষ্টিভ স্মিথে এদিনীয়া ক্ৰিকেটক বিদায় জনায়, কিন্তু তেওঁ টেষ্ট আৰু টি-২০ ফৰ্মেটখেলা অব্যাহত ৰাখিব। আঘাতপ্ৰাপ্ত পেট কামিন্সৰ অনুপস্থিতিত দলটোৰ অধিনায়কত্ব কৰা ৩৫ বছৰীয়া স্মিথে ছেমি ফাইনেল খেলখনত ৯৬ টা বলত ৭৩ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হাতত চাৰি উইকেটৰ পৰাজয়ৰ পিছত তেওঁ তেওঁৰ সতীৰ্থসকলক তেওঁৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰে।

তেওঁ কয় – মই ভাবো এইটো আনৰ বাবে পথ প্ৰস্তুত কৰাৰ সঠিক সময়। এইটো এটা আশ্চৰ্যকৰ যাত্ৰা আছিল আৰু মই প্ৰতিটো মুহূৰ্ত উপভোগ কৰিছো। আমাৰ এটা সুন্দৰ সময় আছিল আৰু বহুতো ভাল স্মৃতি আছে। সতীৰ্থৰ সৈতে দুটা বিশ্বকাপ জিকি বৰ ভাল লাগিছিল।

উল্লেখ্য যে অষ্ট্ৰেলিয়াৰ ২০১৫ আৰু ২০২৩ চনৰ বিশ্বকাপ বিজয়ী দলৰ সদস্য হৈ থকা স্মিথ হৈছে ২০১৫ আৰু ২০২১ চনত আইচিচিৰ শ্ৰেষ্ঠ এদিনীয়া খেলুৱৈ আছিল। তেওঁক ২০১৫ চনত আইচিচি পুৰুষৰ এদিনীয়া দল অফ দা ইয়েৰত নিৰ্বাচিত কৰা হৈছিল। তেওঁ ২০১৫ চনত অধিনায়ক হৈছিল আৰু অন্তিম খন খেলত অধিনায়কো হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *