শ্ৰীনগৰৰ উপকণ্ঠ অঞ্চলৰ নওগাম আৰক্ষী থানাত এক বিস্ফোৰণৰ ঘটনা সংঘটিত হয় । এই ঘটনাত এতিয়ালৈকে কমেও ৯ জন লোক নিহত হোৱাৰ লগতে ২৯ জন লোক আহত হয়। ‘হোৱাইট কলাৰ’ সন্ত্ৰাসবাদী মডিউল গোচৰৰ সৈতে জড়িত জব্দকৃত বিস্ফোৰক সামগ্ৰীৰ বাবে এই বিস্ফোৰণৰ ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে । নিশা প্ৰায় ১১.২০ বজাত বিস্ফোৰণৰ শব্দই চহৰখন কঁপাই তোলে । ফলত বাসিন্দাসকল আতংকিত হৈ পৰে ।আৰক্ষীয়ে জনোৱা মতে, হাৰিয়ানাৰ ফৰিদাবাদৰ পৰা অনা বিস্ফোৰক সামগ্ৰী জোৱানসকলে চম্ভালি থকাৰ সময়তে এই বিস্ফোৰণ সংঘটিত হয় । ধৃত চিকিৎসক মুজাম্মিল গনাইৰ ভাড়াঘৰৰ পৰা উদ্ধাৰ হোৱা ৩৬০ কিলোগ্ৰাম বিস্ফোৰক সামগ্ৰীৰ অংশ এই সামগ্ৰীৰ নমুনা চলিত তদন্তৰ অংশ হিচাপে লোৱা হৈছে বুলি বিষয়াসকলে জনায় ।বিস্ফোৰণস্থলীৰ পৰা ৯টা মৃতদেহ উদ্ধাৰ কৰা হৈছে বুলি সংবাদ সংস্থাটোৱে আৰক্ষী বিষয়াৰ উদ্ধৃতি দি জনাইছে । অৱশ্যে মৃতকেইজনৰ চিনাক্তকৰণ এতিয়াও হোৱা নাই বুলিও জানিবলৈ দিয়ে । মৃতদেহকেইটা শ্ৰীনগৰৰ আৰক্ষী নিয়ন্ত্ৰণ কক্ষলৈ লৈ যোৱা হৈছে । আনহাতে, মহানগৰীৰ বিভিন্ন চিকিৎসালয়ত কমেও ২৪ জন আৰক্ষী জোৱান আৰু তিনিজন সাধাৰণ নাগৰিকক ভৰ্তি কৰোৱা হৈছে বুলি বিষয়াসকলে জানিবলৈ দিয়ে ।

Leave a Reply

Your email address will not be published. Required fields are marked *