চ’নী ইণ্ডিয়াই আইকনিক ব্ৰেভিয়া টেলিভিছন সূচীৰ আটাইতকৈ ডাঙৰ আৰু সবাতোকৈ নিমজ্জিত সংযোজন হিচাপে বহু প্ৰত্যাশিত ২৪৯ চে.মি.(৯৮) ব্ৰেভিয়া ৫ মুকলি কৰাৰ কথা ঘোষণা কৰিছে। ব্ৰেভিয়া ৫ কেৱল এটা টেলিভিছন নহয়—ই সম্পূৰ্ণ দৃশ্যগত ভোগ-বিলাসৰ বাবে প্ৰস্তুত কৰা চিনেমেটিক কেনভাছ। ইয়াৰ বিস্তৃত ৯৮ ইঞ্চিৰ পৰ্দাই মন্ত্ৰমুগ্ধকৰ দৃশ্যপট প্ৰদান কৰে, আনহাতে কগনিটিভ প্ৰচেছৰ এক্সআৰে মানুহৰ ধাৰণাক প্ৰতিফলিত কৰিবলৈ বিৱৰণ, ৰং আৰু গতি সুক্ষ্মতাৰে সামঞ্জস্য কৰে। ডলবী ভিজন আৰু এটমছে বহুমাত্ৰিক স্পষ্টতা আৰু নিমজ্জনিত চাৰাউণ্ড ছাউণ্ড যোগ কৰে, যিয়ে এক প্ৰকৃত চলচ্চিত্ৰ গৃহৰ শব্দৰ প্ৰতিলিপি প্ৰস্তুত কৰে। চ’নী পিক্সাচাৰ্ছ ক’ৰ-ৰ সৈতে আপোনাৰ লিভিং ৰুমটো এটা ব্যক্তিগত স্ক্ৰীনিং লাউঞ্জ হৈ পৰে, যিয়ে ষ্টুডিঅ’-মানদণ্ডৰ ব্লকবাষ্টাৰসমূহ সম্পূৰ্ণ চলচ্চিত্ৰৰ দৰে উপস্থাপন কৰে।২৪৯ ছে. মি. (৯৮) ব্ৰেভিয়া ৫-ৰ এডভান্সড এআই প্ৰচেছৰ এক্সআৰ-এ কৃত্ৰিম বুদ্ধিমত্তাৰ সংমিশ্ৰণ কৰি যন্ত্ৰ শিক্ষণ ব্যৱহাৰেৰে সংকেত আৰু তথ্য বিশ্লেষণ কৰে, সবল বুদ্ধিমত্তাৰ সৈতে মানুহে কেনেদৰে দেখে আৰু শুনে তাৰ ওপৰত ভিত্তি কৰি সমল প্ৰছেচ কৰে। ২৪৯ ছে. মি. (৯৮) ব্ৰাভিয়া ৫ ব্ৰেভিয়া 5 ষ্টুডিঅ ‘কেলিব্ৰেটেড মোডৰ সৈতে সজ্জিত যি ঘৰুৱা পৰিৱেশত চলচ্চিত্ৰ সমল সৃষ্টিকৰ্তাসকলে বিচৰা ছবিৰ মানদণ্ড পুনৰ সৃষ্টি কৰে। এক বিশেষ মুকলি অফাৰ হিচাপে চ’নী ইণ্ডিয়াই ২৪৯ ছে. মি. (৯৮) ব্ৰেভিয়া ৫-ত ৩ বছৰৰ বিস্তৃত ৱাৰেণ্টি প্ৰদান কৰিছে। ইয়াৰ লগতে, নিৰ্বাচিত ক্ৰেডিট কাৰ্ডত ২৫,০০০/- টকাৰ কেছবেক আৰু ১৯,৯৯৫/- টকাৰ বিশেষ কিউৰেটেড ফিক্সড ইএমআইৰ বাবে সামগ্ৰী ক্ৰয় কৰাটো অধিক সুবিধাজনক কৰি তুলিছে। ব্ৰেভিয়া ৫ চ’নীৰ সকলো খুচুৰা বিপণী (চ’নী চেণ্টাৰ আৰু চ’নী এক্সক্লুছিভ), www.ShopatSC.com পৰ্টেল, আগশাৰীৰ ইলেক্ট্ৰনিক আউটলেট আৰু ভাৰতৰ প্ৰধান ই-কমাৰ্চ প্লেটফৰ্মসমূহত ক্ৰয়ৰ বাবে উপলব্ধ। Share this:FacebookX Related Post navigation ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগ ছিজন ২ৰ অকুণ্ঠ সমৰ্থন ছলমান খানৰ; সামগ্ৰিক বজাৰ দখল আৰু যুৱ প্ৰজন্মক সংযোগৰ লক্ষ্য আইএছআৰএলৰ টিভিএছ মটৰ কোম্পানীয়ে গ্ৰাহকৰ বাবে মুকলি কৰিলে নতুন টিভিএছ এনটৰ্ক ১২৫ ছুপাৰ চ’লজাৰ এডিচন