দেশৰ ৰাজনীতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা জ্যেষ্ঠ নেত্ৰী ছোনিয়া গান্ধীৰ স্বাস্থ্যক লৈ পুনৰবাৰ উদ্বেগৰ সৃষ্টি হৈছে। কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষা ছোনিয়া গান্ধীক মঙলবাৰে পুৱা দিল্লীৰ ছাৰ গংগাৰাম চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। পুৱাৰ ভাগত হঠাতে স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয়। বৰ্তমান বিশেষজ্ঞ চিকিৎসকৰ এটা দলে তেওঁৰ স্বাস্থ্যৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে।

কংগ্ৰেছ দলৰ তৰফৰ পৰা বৰ্তমানলৈকে ছোনিয়া গান্ধীৰ স্বাস্থ্য সন্দৰ্ভত কোনো আনুষ্ঠানিক বিবৃতি জাৰি কৰা হোৱা নাই। উল্লেখ্য যে, বিগত কেইবা বছৰ ধৰি ৰাজ্যসভাৰ সাংসদগৰাকী বিভিন্ন স্বাস্থ্যজনিত সমস্যাৰ সৈতে যুঁজি আহিছে। যাৰ বাবে তেওঁ নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা আৰু চিকিৎসাৰ বাবে চিকিৎসালয়লৈ যাবলগীয়া হয়। আজি পুৱা তেওঁৰ শাৰীৰিক অৱস্থা কিছু দুৰ্বল হৈ পৰাত চিকিৎসকে তেওঁক চিকিৎসালয়ত ভৰ্তি হোৱাৰ পৰামৰ্শ দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *