সামাজিক মাধ্যমত কৰা পোষ্টৰ বিৰুদ্ধে বিভিন্ন সময়ত বহুতে এজাহাৰ দাখিল কৰে । কিন্তু এই ক্ষেত্ৰত কঠোৰ হৈছে আদালত ।সামাজিক মাধ্যমৰ পোষ্টৰ বিৰুদ্ধে দিয়া অভিযোগৰ ভিত্তিত গোচৰ পঞ্জীয়ন কৰিব নোৱাৰিব আৰক্ষীয়ে ! গোচৰ পঞ্জীয়নৰ পূৰ্বে আৰক্ষীয়ে অভিযোগৰ ভিত্তিত প্ৰাথমিক তদন্ত কৰিব লাগিব । উচ্চ ন্যায়ালয়ে এক নিৰ্দেশনাত এই কথা উল্লেখ কৰিছে । আদালতৰ ৰায় অনুসৰি কেৱল সমালোচনাত্মক বিষয়বস্তু অনলাইনত পোষ্ট কৰাৰ বাবেই অপৰাধমূলক ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিব । মানহানি, ঘৃণামূলক ভাষণ, হিংসাৰ বাবে উচটনি দিয়া বা শান্তি ভংগৰ প্ৰাথমিক প্ৰমাণ থাকিলেহে তদন্তত আগবাঢ়িব পাৰে আৰক্ষী ।আদালতে স্পষ্ট কৰি দিছে যে বেআইনী উপাদান নাথাকিলে কঠোৰ ৰাজনৈতিক সমালোচনাও অপৰাধমূলক অভিযোগৰ পৰিসৰত নপৰিব পাৰে ।আদালতে উল্লেখ কৰে যে সামাজিক মাধ্যমৰ পোষ্টসমূহো সংবিধানৰ অধীনত প্ৰকাশৰ সুৰক্ষিত ৰূপ আৰু মৌলিক অধিকাৰ সুৰক্ষিত কৰাৰ বাবে আৰু গোচৰৰ ‘যান্ত্ৰিক আৰু একপক্ষীয়’ পঞ্জীয়ন ৰোধ কৰিবলৈ এই নিৰ্দেশনাসমূহ প্ৰয়োজনীয় বুলি জোৰ দিয়ে ।

Leave a Reply

Your email address will not be published. Required fields are marked *