শ্লাইচ স্মল ফাইনেঞ্চ বেংক (শ্লাইচ এছএফবি)ৰ স্বতন্ত্ৰ সঞ্চালক হিচাপে অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া তথা আই এম এফৰ প্ৰাক্তন জ্যেষ্ঠ উপদেষ্টা কে ভি ইপেনক নিযুক্তি দিয়া হৈছে, এই দায়িত্ব প্ৰদানে শ্লাইচৰ ব’ৰ্ডৰ  উত্তৰ-পূৰ্বাঞ্চলৰ ওপৰত বেংকৰ মনোযোগ শক্তিশালী কৰি তুলিছে। ৰাজহুৱা প্ৰশাসন, বিত্তীয় নীতি আৰু প্ৰতিষ্ঠানিক প্ৰশাসনৰ ৩৫ বছৰীয়া অভিজ্ঞতা থকা ইপেনে উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয় চমুকৈ ড’নাৰৰ সচিব আৰু বিত্ত মন্ত্ৰালয়ৰ যুটীয়া সচিব হিচাপে ৰাষ্ট্ৰীয় বিত্তীয় অন্তৰ্ভুক্তিৰ কাৰ্যসূচী তদাৰক কৰাকে ধৰি সমগ্ৰ অসম আৰু মেঘালয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠান আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিত কাম কৰাৰ অভিজ্ঞতাৰ লগতে ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ দৰে ৰাজহুৱা খণ্ডৰ বেংকসমূহত পূৰ্বৰ বৰ্ডৰ পদসমূহে তেখেতক প্ৰশাসন, নীতি আৰু বহনক্ষম বিকাশৰ ওপৰত কৌশলগত নিৰ্দেশনা প্ৰদান কৰিবলৈ সহজ হ’ব। “ডিজিটেল উদ্ভাৱন আৰু স্থানীয় উপস্থিতিৰ জৰিয়তে উত্তৰ-পূবত বেংকিং প্ৰৱেশাধিকাৰ সম্প্ৰসাৰণৰ শ্লাইচৰ লক্ষ্য হৈছে অন্তৰ্ভুক্তিমূলক বিকাশৰ বাবে এক শক্তিশালী আৰ্হি প্ৰতিষ্ঠা কৰা”,ইপেনে এইদৰে কয়। শ্লাইচ এছএফবি-এ অঞ্চলটোত দ্ৰুতগতিত ব্যৱসায়িক সম্প্ৰসাৰণ কৰিছে, ৪০০ৰো অধিক কৰ্মসংস্থাপন সৃষ্টি কৰিছে আৰু উখা, বাংকৱন আৰু চাৰ্শ্বিপত শাখা মুকলি কৰিছে, আনহাতে এমএছএমই, মহিলা, যুৱক-যুৱতী আৰু প্ৰথমবাৰৰ বাবে ঋণ লোৱাসকলৰ মাজত বেংক সেৱাৰ প্ৰসাৰ ঘটাইছে।  গুৱাহাটীৰ নগৰ আৰু অৰ্ধ নগৰীয়া গ্ৰাহকে ক্ৰমান্বয়ে শাখা-আধাৰিত সেৱাৰ লগতে ডিজিটেল বেংকিং সমাধানৰ সুবিধা গ্ৰহণ কৰাৰ ফলত বেংকটোৱে শক্তিশালী স্থানীয় গ্ৰহণ প্ৰত্যক্ষ কৰিছে, যি সুলভ হৈ পৰাৰ লগতে আঞ্চলিকভাৱে উপযোগী বিত্তীয় সামগ্ৰীৰ বৰ্ধিত চাহিদাৰ দিশটো প্ৰতিফলিত কৰিছে।

শ্লাইচ এচএফবিৰ এমডি এণ্ড চিইঅ’ সতীশ কুমাৰ কলৰাই কয় যে, ইপেন ডাঙৰীয়াক নিযুক্তিয়ে আঞ্চলিক সহানুভূতি আৰু ৰাষ্ট্ৰীয় প্ৰভাৱৰ সৈতে অন্তৰ্ভুক্ত, ভৱিষ্যতৰ বাবে সাজু বেংকিঙৰ প্ৰতি শ্লাইচ এছএফবিৰ সমৰ্পণ অধিক শক্তিশালী কৰিলে।

Leave a Reply

Your email address will not be published. Required fields are marked *