স্কোডা অটো ইণ্ডিয়াই প্ৰথমবাৰলৈ ছাব-৪ মিটাৰ এছইউভি ছেগমেণ্টত প্ৰৱেশ কৰি কাইলাক বাহনখন এতিয়া বিভিন্ন পৰিসৰ বিকল্প আৰু আকৰ্ষণীয় মূল্যত গ্ৰাহকক প্ৰদান কৰিবলৈ ওলাইছে। কাইলাক চাৰিটা ভেৰিয়েণ্ট বিকল্পত লাভ কৰিব: ক্লাছিক, চিগনেচাৰ, চিগনেচাৰ+ আৰু প্ৰেষ্টিজ। কাইলাক ক্লাছিক ট্ৰীমৰ বাবে এই এছইউভিখনৰ প্ৰাৰম্ভিক মূল্য ৭.৮৯ লাখ টকা।

টপ অৱ দ্য লাইন কাইলাক প্ৰেষ্টিজ এটিখন এতিয়া গ্ৰাহকে ১৪,৪০,০০০ লাখ টকাত ক্ৰয় কৰিব পাৰিব। তদুপৰি প্ৰথম ৩৩,৩৩৩ জন গ্ৰাহকে ৩ বছৰৰ ষ্টেণ্ডাৰ্ড মেইণ্টেনেন্স পেকেজ (এছএমপি) বিনামূলীয়াকৈ লাভ কৰিব। কাইলাকৰ বাবে বুকিং আজি বিয়লি ৪ বজাত মুকলি হয় আৰু ২০২৫ৰ ২৭ জানুৱাৰীৰ পৰা ডেলিভাৰী আৰম্ভ হ’ব।

স্কোডা অটো ইণ্ডিয়াৰ ব্ৰেণ্ড সঞ্চালক পেত্ৰ জানেবাই এই বিষয়ে নিজৰ অভিমত প্ৰকাশ কৰি কয় যে, “সম্পূৰ্ণ নতুন কাইলাক বাহনখনে ভাৰতত স্কোডা ব্ৰেণ্ডৰ বাবে এক নতুন যুগৰ আগমনৰ সূচনা কৰিছে।” ইয়াৰ লগতে কাইলাকে ৩ বছৰ/১০০,০০০ কিলোমিটাৰ যি আগতে হয়, সেই অনুসৰি মানসম্পন্ন ৱাৰেণ্টিও প্ৰদান কৰে। ইয়াৰ লগতে কাইলাকে সমগ্ৰ পৰিসৰত ষ্টেণ্ডাৰ্ড ছয় বছৰৰ ক্ষয়-প্ৰতিৰোধী ৱাৰেণ্টিও প্ৰদান কৰে। কুশ্বাক আৰু শ্লেভিয়াৰ দৰে এই এছইউভিখনো এমকিউবি-এ0-আইএন প্লেটফৰ্মৰ ওপৰত আধাৰিত।

Leave a Reply

Your email address will not be published. Required fields are marked *