উমৰাংছ’ৰ ১১ সংখ্যক ফেলকন ফেষ্টিভেলত বলীউডৰ কণ্ঠশিল্পী বিশাল মিশ্রই কণ্ঠৰ যাদুৰে মোহিলে শ্ৰোতা-দৰ্শকক ৷ ‘জয় জুবিন দা জয়, জুবিন দা আই লাভ ইউ’- ফেলকন মহোৎসৱৰ মঞ্চত জুবিন গাৰ্গলৈ এইদৰে শ্ৰদ্ধাঞ্জলি জনালে বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী বিশাল মিশ্রই । মায়াবিনী, য়া আলি গীত গাই ফেলকন মহোৎসৱৰ মঞ্চত অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গক স্মৰণ কৰে বিশালে ।উল্লেখ্য যে, ফেলকন মহোৎসৱৰ প্ৰথম দিনাই উত্তৰ-পূবলৈ প্ৰথমবাৰৰ বাবে অহা বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী বিশাল মিশ্রই বিপুল দৰ্শকক মোহিত কৰি তোলে। ফেলকন মহোৎসৱৰ দ্বিতীয় দিনা বলীউডৰ আৰু এগৰাকী প্ৰখ্যাত কণ্ঠশিল্পীৰ সৈতে নৰ্থ ইষ্টৰ গ্ৰেণ্ড মিউজিকেল ইভেণ্ট অনুষ্ঠিত হ’ব । ১২ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা এই ফেলকন মহোৎসৱ সামৰণি পৰিব ১৪ ডিচেম্বৰত ।

Leave a Reply

Your email address will not be published. Required fields are marked *