উত্তৰ গুৱাহাটীৰ বৰ ৰংমহলত আছে ৫০০ বছৰীয়া ঐতিহাসিক থান । ইছলামধৰ্মী লোকৰ তত্ত্বাবধানত থকা থানখনত প্ৰতি বছৰেই উদযাপিত হৈ আহিছে মহাশিৱৰাত্ৰি । উত্তৰ গুৱাহাটী বৰ ৰংমহলত হিন্দু-মুছলমান ধৰ্মাৱলম্বী লোকে মিলাপ্ৰীতিৰে উদযাপন কৰি অহা ৫০০ বছৰীয়া শিৱৰাত্ৰিক লৈ দেশজুৰি হৈছে চৰ্চা ।উল্লেখ্য় যে মতিউৰ ৰহমানৰ পূৰ্বপুৰুষে স্থাপন কৰা এচলা শিলত এতিয়াও নিতৌ পূজা অৰ্চনা কৰা হয় । মতিউৰ ৰহমানৰ ঘৰৰ পাছফালে নিৰ্জন ঠাইত অৱস্থিত ‘ভাঙুৰা বাবা’ৰ থানৰ অপাৰ মহিমাৰ বাবেই এতিয়া দেশৰ ভিন্ন প্ৰান্তৰ শিৱ ভক্তৰ সমাগম হয় । হিন্দুৱে পূজা পাৰ্বন আৰু ইছলাম ধৰ্মীয়ে ভাঙুৰা বাবাৰ ওচৰত দোৱা মাগে । Share this:FacebookX Related Post navigation অসম চৰকাৰৰ সৈতে টাটা পাৱাৰৰ যুগান্তকাৰী বুজাবুজিৰ চুক্তি স্বাক্ষৰ এডভান্টেছ আছাম ২.০ ৰ আজি শেষৰ দিন