ভাৰত চৰকাৰৰ সৰ্বাংগীন বৃদ্ধি আৰু আঞ্চলিক সৱলীকৰণৰ প্ৰতি দায়বদ্ধতাক সুদৃঢ় কৰি দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ে উত্তৰ-পূৰ্বাঞ্চল (এন ই আৰ)ত এপ্ৰেণ্টিছশ্বিপ প্ৰশিক্ষণৰ প্ৰসাৰৰ বাবে এক কৌশলগত পাইলট প্ৰকল্পৰ শুভাৰম্ভ কৰিছে। মিজোৰামৰ মুখ্যমন্ত্ৰী লালডুহোমা আৰু দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে যৌথভাৱে আইজলত এই আঁচনিখন শুভাৰম্ভ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অষ্ট লক্ষ্মী আৰু বিকশিত ভাৰত, বিকশিত উত্তৰ-পূবৰ দৃষ্টিভংগীত উপনীত হোৱাৰ লক্ষ্যৰে এই আঁচনিৰ উদ্দেশ্য হৈছে সমগ্ৰ অঞ্চলৰ যুৱক-যুৱতীসকলক গাঁথনিগত, দৰমহাযুক্ত, আৰু উচ্চমানৰ এপ্ৰেণ্টিছশ্বিপৰ সুযোগ প্ৰদান কৰা। এটা মূল বিত্তীয় সহায়ৰ এক গুৰুত্বপূৰ্ণ ব্যৱস্থা হিচাপে অঞ্চলটোৰ অধিক যুৱক-যুৱতীয়ে ৰাষ্ট্ৰীয় শিক্ষণ প্ৰমচন আঁচনি (এনএপিএছ) ৰ জৰিয়তে প্ৰদান কৰা নিয়মীয়া আবণ্টনৰ উপৰিও এটা পাইলট বছৰত প্ৰতি মাহে অতিৰিক্ত ১,৫০০ টকাকৈ লাভ কৰিব।

উন্মোচনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি এমএছডিই বিভাগৰ মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে কয় যে, ‘এনএপিএছৰ অধীনত এই বিশেষ পাইলট পদক্ষেপৰ আৰম্ভণি উত্তৰ-পূবত এপ্ৰেণ্টিছশ্বিপ প্ৰচাৰৰ বাবে এক যুগান্তকাৰী মুহূৰ্ত। এই আঁচনিয়ে আমাৰ যুৱক-যুৱতীসকলৰ বাবে বাস্তৱিক জগতৰ উদ্যোগত ভৰি থোৱাৰ দুৱাৰ মুকলি কৰিলে—তেওঁলোকক কাৰখানাৰ মজিয়াত ভৰি দিবলৈ, সমসাময়িক উদ্যোগৰ গতিশীলতাক বুজিবলৈ আৰু দক্ষতাক বাস্তৱ জগতৰ সৈতে সংগতি ৰাখিবলৈ সুবিধা কৰিব।” মিজোৰামৰ মুখ্যমন্ত্ৰী লালডুহোমাই এই বিষয়ে কয় যে- “ভাৰত চৰকাৰৰ সৈতে এই সহযোগিতাই মিজোৰাম আৰু বিস্তৃত উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতীসকলৰ বাবে নতুন দুৱাৰ মুকলি কৰিব।”

দেশজুৰি অনুষ্ঠিত হোৱা ৫,০০০ৰো অধিক প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় এপ্ৰেণ্টিছশ্বিপ মেলা (পিএমএনএএম)ৰ সহায়ত ৩৫,০০০ৰো অধিক প্ৰতিষ্ঠানে এপ্ৰেণ্টিছশ্বিপ এনগেজমেণ্টত অংশগ্ৰহণ কৰিছে। এই অনুষ্ঠানত মিজোৰামৰ শ্ৰম, নিয়োগ আৰু দক্ষতা বিকাশ তথা উদ্যমিতা বিভাগৰ মন্ত্ৰী লালংহিংলোভা মাৰ আৰু মিজোৰাম চৰকাৰৰ গৃহ মন্ত্ৰী কে সপদাংগাই উপস্থিত থাকি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে। লগতে নাগালেণ্ড চৰকাৰৰ দক্ষতা বিকাশ, নিয়োগ, শ্ৰম, আৰু আবকাৰী উপদেষ্টা মাওটোছি লংকুমেৰ, ভাৰত চৰকাৰৰ দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব আৰু বিত্তীয় উপদেষ্টা জি মধুমিতা দাস, আৰু এমএছডিইৰ যুটীয়া সচিব  শ্ৰীশ্বাইল মালগেও উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *