শ্বপচি বাই ফ্লিপকাৰ্টে আগন্তুক ফেষ্টিভ ছিজনৰ বাবে সমগ্ৰ দেশখনে সাজু হোৱাৰ এই সময়ছোৱাত প্ৰতিজন মূ্ল্যবান গ্ৰাহকৰ বাবে পুনৰ লৈ আহিছে আটাইতকৈ প্ৰত্যাশিত বজাৰ উদযাপন আৰু বছৰৰ আটাইতকৈ ডাঙৰ বিক্ৰী অনুষ্ঠান গ্ৰেণ্ড শ্বপচি মেলা (জিএছএম)। ২৯ আগষ্টৰ পৰা ৭ ছেপ্টেম্বৰলৈ ‘এইছে গিৰেংগে দাম, শ্বপিং হোগী সুবহ ছাম’ শীৰ্ষক বিষয়বস্তুৰে অতুলনীয় লেনদেনৰ প্ৰতিশ্ৰুতি দিছে। বজাৰ কৰাৰ উৎসাহ সকলোৰে মাজত বেছি আৰু ফেষ্টিভ ছিজনত গ্ৰাহকে নিজৰ আপোনজনক উপহাৰ দিব বিচাৰে বাবে শ্বপচিয়ে সমগ্ৰ ভাৰতৰ পৰিয়ালসমূহক নিজৰ বাজেটৰ ভিতৰত বজাৰ কৰাত সহায় কৰিছে। এই বছৰ জিএছএম-এ ১ কোটিৰো অধিক সামগ্ৰী ১৪৯/- টকাৰ অধীনত লৈ আহিছে, ইয়াত ফেশ্বন, জীৱনশৈলী, ঘৰ আৰু সৌন্দৰ্য শিতানৰ মূল্য সচেতন বজাৰকৰ্তাসকলক আনন্দিত কৰিবলৈ চিন্তাশীলভাৱে সজাই তোলা হৈছে। টায়াৰ ২, ৩, আৰু ৪ চহৰৰ লাখ লাখ লোকৰ বাবে জিএছএম-এ ফেষ্টিভ ছিজনৰ আৰম্ভণিৰ সংকেত দিছে, যিয়ে অতুলনীয় সুলভ মূল্যত সামগ্ৰী লাভৰ সোপান আগবঢ়ায়। ফ্লিপকাৰ্টৰ শ্বপচি আৰু ফ্লিপকাৰ্ট মাৰ্কেটপ্লেচৰ ব্যৱসায়িক মুৰব্বী কপিল থিৰানীয়ে এই বিষয়ে সদৰি কৰি কয় যে, “ফেষ্টিভ ছিজন ওচৰ চাপি অহাৰ লগে লগে গ্ৰেণ্ড শ্বপচি মেলা ভাৰতৰ বাবে মূল্য-ভিত্তিক বজাৰ কৰাৰ এক গুৰুত্বপূৰ্ণ সহায়ক হ’বলৈ সাজু হৈছে। “ জিএছএম-ৰ অংশ হিচাপে শ্বপচীয়ে কল-টু-একচন ‘পেহলে শ্বপচী চেক কিয়া ক্যা?’ বাক্যৰে এক ডিজিটেল প্ৰচাৰো আৰম্ভ কৰিছে। এই প্ৰচাৰ অভিযানে গ্ৰাহকসকলক নিজৰ নিজৰ উৎসৱৰ প্ৰয়োজনীয়তাৰ বাবে প্ৰথমে শ্বপচি অন্বেষণ কৰিবলৈ আহ্বান জনাইছে, য’ত ২০০ৰো অধিক সামগ্ৰী অবিশ্বাস্য মূল্যত উপলব্ধ। এই উত্তেজনা দুগুণ কৰি শ্বপচীয়ে জিএছএমৰ সময়ত এক অনন্য প্ৰতিযোগিতা আৰম্ভ কৰিবলৈ ক্লিয়াৰট্ৰিপৰ সৈতে সহযোগিতা কৰিছে। বজাৰ কৰাসকলে ১৫০ টকাত বেডশ্বীট, ৯৯ টকাত পোছাক, ১৫০ টকাত পুৰুষৰ কুৰ্তা আদিৰ দৰে অবিশ্বাস্য, সীমিত সময়ৰ আকৰ্ষণীয় লেনদেন আশা কৰিব পাৰে। আৰম্ভণিৰে পৰাই জিএছএম সুলভ মূল্যৰ উৎসৱমুখৰ বজাৰ কৰাৰ অনুৰণন ঘটাই আহছে, যিয়ে সমগ্ৰ ভাৰততে ধাৰাবাহিকভাৱে বৰ্ধিত গ্ৰাহক ভিত্তিক আকৰ্ষিত কৰিছে। Share this:FacebookX Related Post navigation ফ্লিপকাৰ্টৰ যোগান শৃংখল সম্প্ৰসাৰণে উৎসৱৰ চাহিদাৰ পূৰ্বে আঞ্চলিক বজাৰত যোগাইছে উৎসাহ মাহেকীয়াৰ বিষ নিয়ন্ত্ৰণত ৩টা ছুপাৰফুডে আপোনাৰ চেষ্টা সহজ কৰি তুলিব