মিত্ৰতা নহ’লগৈ ! বিৰোধীত অকলশৰীয়া হ’ল অখিল গগৈ ৷ ১০ মাৰ্চত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণৰে আলোচনাৰ সম্ভাৱনা অখিল গগৈৰ ৷
এইবাৰৰ সমাগত বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰো ষ্টাৰ কেম্পেনাৰ হোৱাৰ অত্যুৎসাহী স্বপ্ন ভংগ হ’ল অখিল গগৈৰ ৷ শুকুৰবাৰৰ মাজনিশা সামাজিক মাধ্যমযোগে অখিল গগৈৰ ঘোষণা — ‘শেষ চেষ্টাও ব্যৰ্থ’ ৷ ৰাজ্যৰ বিৰোধী মিত্ৰজোঁটৰ পৰা অৱশেষত একাশৰীয়া হ’ল অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দল ৷ কংগ্ৰেছৰ পিছুৱাই নি থকা মিত্ৰতাৰ নীতিৰ জালত পৰি ধৰাশায়ী হ’ল অখিল গগৈ ৷

Leave a Reply

Your email address will not be published. Required fields are marked *