দৰংঃ দেশজুৰি পালন কৰা সু-শাসন দিৱস আৰু এন ডি এ সাংসদসকলৰ উদ্যোগত আয়োজিত সাংসদ খেল মহোৎসৱ ২০২৫-ৰ সামৰণি অনুষ্ঠানৰ এক বিশেষ মূহূৰ্তৰ সাক্ষী হৈ ৰ’ল মঙলদৈবাসী। এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ নিৰ্বাচিত একাংশ প্ৰতিভাশালী খেলুৱৈৰ সৈতে ভাৰ্চুৱেলী বাৰ্তালাপ কৰে। সমগ্ৰ অসমৰ ভিতৰত একমাত্ৰ খেলুৱৈ হিচাপে দৰং জিলাৰ ভকতপাৰাৰ নিবাসী তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ চাব-জুনিয়ৰ কাবাদী খেলুৱৈ শান্তি কুমাৰী বড়োৱে প্ৰধানমন্ত্ৰীৰ সৈতে পোনপটীয়া কথা-বতৰাত মিলিত হোৱাৰ গৌৰৱ অৰ্জন কৰে।

মঙলদৈৰ বিষ্ণু মন্দিৰ প্ৰাংগণত দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াৰ উদ্যোগত এই বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল। বাৰ্তালাপৰ সময়ত প্ৰধানমন্ত্ৰীয়ে অতি আন্তৰিকতাৰে শান্তিক কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰে। তেওঁ জানিব বিচাৰে যে কিয় শান্তিয়ে খেল হিচাপে কাবাদীক বাছি ল’লে। লগতে প্ৰধানমন্ত্ৰীয়ে ধেমেলীয়া সুৰেৰে শান্তিৰ নামৰ অৰ্থৰ সৈতে মিলাই প্ৰশ্ন কৰে যে তেওঁৰ জন্মৰ পাছত পৰিয়ালত সঁচাকৈয়ে শান্তি বিৰাজ কৰিছে নেকি।

যিহেতু শান্তি কুমাৰী আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব, সেয়েহে পঢ়া-শুনাৰ হেঁচাৰ মাজত তেওঁ কেনেকৈ নিয়মিত ক্ৰীড়া চৰ্চা অব্যাহত ৰাখিছে, সেই বিষয়েও প্ৰধানমন্ত্ৰী মোদীয়ে বিশেষ আগ্ৰহ প্ৰকাশ কৰে। শান্তি কুমাৰীয়ে কোনো ধৰণৰ সংকোচ নকৰাকৈ অতি স্পষ্ট আৰু আত্মবিশ্বাসেৰে প্ৰতিটো প্ৰশ্নৰ উত্তৰ দি প্ৰধানমন্ত্ৰীক অভিভূত কৰি তোলে।

এই ঐতিহাসিক মূহূৰ্তত মঙলদৈত সাংসদ দিলীপ শইকীয়াৰ লগতে অৰ্জুন বঁটা বিজয়ী ধনুৰ্ধৰ জয়ন্ত তালুকদাৰ, মঙলদৈৰ বিধায়ক বসন্ত দাস আৰু জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতিৰ দৰে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকি খেলুৱৈগৰাকীক উৎসাহিত কৰে। দৰঙৰ এইগৰাকী কিশোৰীৰ সাফল্যই এতিয়া সমগ্ৰ ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *