ৰাজ্যৰ নৃত্য শিক্ষাৰ অগ্ৰণী প্ৰশিক্ষণ প্ৰতিষ্ঠান তুলিকা নৃত্যাঞ্জলি কলাকেন্দ্ৰৰ তৃতীয় বৰ্ষপূৰ্তি অনুষ্ঠানটো গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। বৰ্ষপূৰ্তি অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানৰ আৰম্ভণিতে অসমৰ বিশিষ্ট তিনিগৰাকী প্ৰখ্যাত শিল্পী প্ৰয়াত সংগীতজ্ঞ, গায়ক ক্ৰমে – গীতিকাৰ আৰু সংগীত সংৰচক ছৈয়দ ছাদুল্লা , বিশিষ্ট সংগীত শিল্পী জুবিন গাৰ্গ আৰু বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। আনহাতে বন্তি প্ৰজ্বলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে পদ্মশ্ৰী নৃত্যচাৰ্য্য যতীন গোস্বামী ,পদ্মশ্ৰী বায়নাচাৰ্য্য ঘনকান্ত বৰা , বিশিষ্ট কণ্ঠশিল্পী মনীষা হাজৰিকা , বিশিষ্ট লেখিকা মঞ্জুলা হাজৰিকা আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰে। তাৰ পাছত কেন্দ্ৰৰ ফালৰ পৰা বিশিষ্ট অভিনেত্ৰী চেতনা দাস , বিশিষ্ট অভিনেতা অতুল পাচনি , সংগীত নাটক অকাডেমী বঁটাপ্ৰাপক বিশিষ্ট সত্ৰীয়া নৃত্যশিল্পী ৰঞ্জুমনি শইকীয়া , ভাৰত নাট্যম নৃত্যশিল্পী অনু বসুমতাৰী আৰু অদিতি চক্ৰবৰ্তীয়ে । ইয়াৰ উপৰিও বৰ্ষপূৰ্তি অনুষ্ঠানৰ লগতে শিশু দিৱস উদযাপন কৰা হয়। শিশু দিৱসৰ সাংস্কৃতিক অনুষ্ঠানত শিশু সকলক উৎসাহিত কৰিবলৈ নিমন্ত্ৰণ জনোৱা হৈছিল “ইণ্ডিয়া চিংগিং ছুপাৰষ্টাৰ” প্ৰতিযোগিতাত ৰানাৰ-আপ্ শিশু কণ্ঠশিল্পী আশ্বাস আয়ুষ্মানক। অনুষ্ঠানত তুলিকা নৃত্যাঞ্জলি কলাকেন্দ্ৰৰ ছাত্ৰ-ছাত্ৰীসকলে অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ‘মায়াবিনী’ শীৰ্ষক গীতটিৰে নৃত্যৰ দ্বাৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। তাৰ পাছত অনুষ্ঠিত সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচীত সত্ৰীয়া বিভাগ , ভাৰত নাট্যম বিভাগ , পাশ্চাত্য বিভাগ আৰু সৃষ্টিমুলক বিভাগৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰি সংস্কৃতিক সন্ধিয়াটো জীপাল কৰি তোলে। অনুষ্ঠানত তুলিকা নৃত্যাঞ্জলি কলাকেন্দ্ৰৰ প্ৰতিষ্ঠাপক তথা কেন্দ্ৰৰ অধ্যক্ষা, নৃত্যশিল্পী তুলিকা ভূঞা বৰুৱাই ভাষণ প্ৰসংগত কয় যে অনুষ্ঠানটো প্ৰতিষ্ঠা কৰাৰ প্ৰধান উদ্দেশ্যই হ’ল, সকলো শাস্ত্ৰীয় নৃত্যৰ লগতে আধুনিক, সৃজনীমূলক নৃত্য, লোক নৃত্য,এই সকলোবোৰ সন্নিৱিষ্ট কৰি ছাত্ৰ-ছাত্ৰীসকলক এই বিষয়ে শুদ্ধ আৰু বহুল ভাৱে শিক্ষা দি উপস্থাপন কৰোৱাৰ লগতে শিক্ষাৰ্থীসকলৰো নিজৰ নিজৰ প্ৰতিভা বিকাশত সহায়ক হৈ, তেওঁলোকৰ জৰিয়তে শংকৰদেৱ সৃষ্ট সত্ৰীয়া নৃত্যকে ধৰি সকলো ধৰণৰ নৃত্য কলাক কেনেকৈ অসম তথা ভাৰতৰ লগতে বিশ্ব দৰবাৰত চিনাকি কৰাই দিব পাৰি। Share this:FacebookX Related Post navigation উত্তৰ-পূৱৰ চাহ খেতিয়কক এফআৰপি প্ৰৱৰ্তনৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ স্মাৰক আফ্ৰিকান ছোৱাইন ফিভাৰ বাবে ৭ জিলাত গাহৰি মাংস বিক্ৰীত নিষেধাজ্ঞা