ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ বাবে বাংলাদেশৰ ক্ৰিকেটাৰ ক্ৰয় কৰাক কেন্দ্ৰ কৰি বলীউডৰ তাৰকা শ্বাহৰুখ খানৰ বিৰুদ্ধে উত্তৰ প্ৰদেশত তীব্ৰ প্ৰতিবাদ আৰম্ভ হৈছে। বিজেপিৰ প্ৰাক্তন বিধায়ক সংগীত সোমে অভিনেতাগৰাকীক ‘দেশদ্ৰোহী’ আখ্যা দিয়াৰ পাছতে শুকুৰবাৰে অখিল ভাৰত হিন্দু মহাসভাৰ আগ্ৰা জিলাৰ নেত্ৰী মীৰা ঠাকুৰে এক ভয়ংকৰ ঘোষণা কৰে। মথুৰাত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ ঘোষণা কৰে যে যিয়ে শ্বাহৰুখ খানৰ জিভা কাটিব পাৰিব, তেওঁক নগদ ১ লাখ টকাৰ পুৰস্কাৰ প্ৰদান কৰা হ’ব। প্ৰাপ্ত বাতৰি অনুসৰি, কলকাতা নাইট ৰাইডাৰ্ছ দলত বাংলাদেশৰ বলাৰ মুস্তাফিজুৰ ৰহমানক অন্তৰ্ভুক্ত কৰাক লৈ গেৰুৱা বসনধাৰী নেত্ৰীগৰাকী ক্ষুব্ধ হৈ পৰে। প্ৰতিবাদ স্বৰূপে তেওঁ শ্বাহৰুখ খানৰ পোষ্টাৰত ক’লা চিয়াহী সানি জোতাৰে প্ৰহাৰ কৰে। ঠাকুৰে অভিযোগ কৰা মতে, বাংলাদেশত হিন্দুসকলক জীৱন্তে জ্বলাই থকাৰ সময়ত অভিনেতাগৰাকীয়ে তাৰ পৰা খেলুৱৈ ক্ৰয় কৰাটো গ্ৰহণযোগ্য নহয়। ইফালে, অযোধ্যাৰ কেইবাজনো ধৰ্মগুৰুৱেও এই বিষয়ত শ্বাহৰুখ খানক তীব্ৰ সমালোচনা কৰিছে। বিখ্যাত কথাবাচক ধীৰেন্দ্ৰ শাস্ত্ৰীয়ে কয় যে বি চি চি আইয়ে এই সন্দৰ্ভত সিদ্ধান্ত ল’ব যদিও বাংলাদেশী ক্ৰিকেটাৰসকলে নিজ দেশৰ হিন্দুসকলৰ নিৰাপত্তাৰ বিষয়টো উত্থাপন কৰা উচিত। আনহাতে, স্বামী ৰামভদ্ৰাচাৰ্য আৰু অখিল ভাৰত আখৰা পৰিষদৰ সভাপতি মহন্ত ৰবীন্দ্ৰ পুৰীয়েও অভিনেতাগৰাকীক জনসাধাৰণৰ আৱেগক সন্মান জনাবলৈ আহ্বান জনায়। আন এজন ধৰ্মগুৰু দিনেশ ফলাহাৰী মহাৰাজে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ লিখি শ্বাহৰুখ খানৰ সম্পত্তি বাজেয়াপ্ত কৰাৰ লগতে তেওঁক বাংলাদেশলৈ পঠিয়াই দিবলৈ দাবী জনায়। বিজেপি নেতা সংগীত সোমে পূৰ্বতেই কৈছিল যে শ্বাহৰুখ খানৰ দেশত থকাৰ কোনো অধিকাৰ নাই। এই ঘটনাই এতিয়া উত্তৰ প্ৰদেশৰ লগতে দেশৰ ক্ৰীড়া আৰু সাংস্কৃতিক মহলত তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছে। Share this:FacebookX Related Post navigation নৃশংস ঘটনা: কৰ্ণাটকৰ বনাঞ্চলত অবৈধ বিস্ফোৰণত গৰ্ভৱতী ঢেকীয়াপতীয়া বাঘিনীৰ মৃত্যু ছাত্ৰীৰ মৃত্যুৰ পিছতেই বিস্ফোৰণ: অধ্যাপকৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ গোচৰ দাখিল