শ্লাইচ স্মল ফাইনেঞ্চ বেংক(এছএফবি)-এ উত্তৰ-পূবৰ নেতৃত্বক অধিক শক্তিশালী কৰি ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন কাৰ্যবাহী সঞ্চালক ইউগেনে ইমানুৱেল কাৰ্তকক অংশকালীন অধ্যক্ষ আৰু স্বতন্ত্ৰ সঞ্চালক হিচাপে নিযুক্তি দিছে। আৰবিআইত তিনিটা দশকৰো অধিক সময় কাৰ্যনিৰ্বাহ কৰা কাৰ্তকে তথ্য প্ৰযুক্তি আৰু কৰ্পৰেট সেৱাকে ধৰি গুৰুত্বপূৰ্ণ বিভাগসমূহৰ নেতৃত্ব দিয়াৰ লগতে দিল্লী আৰু বেংগালুৰুত আঞ্চলিক সঞ্চালক হিচাপেও কাম কৰিছিল। নিয়ন্ত্ৰণ অনুসৰণ, নীতি ৰূপায়ণ আৰু প্ৰতিষ্ঠানিক উৎপাদনশীলতা ক্ষেত্ৰখনতো কাৰ্তকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। বৰ্তমান তেওঁ গুৱাহাটীস্থিত ইণ্ডিয়ান ইনষ্টিটিউট অৱ বেংক মেনেজমেণ্টৰ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে আৰু মুম্বাইৰ চিএএফআৰএএলৰ প্ৰশাসনিক পৰিষদতো কাৰ্যনিৰ্বাহ কৰি আছে।

অসমত মুখ্য কাৰ্যালয় থকা শ্লাইচ এছএফবি-এ অঞ্চলটোত ক্ৰমাগতভাৱে সম্প্ৰসাৰণ কৰি নাগালেণ্ড আৰু মিজোৰামত নতুন শাখা মুকলিৰ লগতে বিগত এটা বছৰত ৪০০ৰো অধিক কৰ্মসংস্থাপন সৃষ্টি কৰিছে। বেংকটোৱে এমএছএমইৰ বিকাশ, কৃষি সংযুক্ত উদ্যোগ আৰু মহিলাৰ বিত্তীয় সবলীকৰণকো অগ্ৰাধিকাৰ দিছে।

গুৱাহাটী মহানগৰীতো সুলভ বেংকিং সেৱাৰ চাহিদা বৃদ্ধি হৈছে, উঃ-পূবত এই নিযুক্তিক স্থানীয় বিশ্বাস শক্তিশালী কৰা আৰু ক্ষুদ্ৰ ব্যৱসায় আৰু অৱহেলিত বা পিছপৰা ঋণ গ্ৰহণকাৰীসকলৰ বাবে দ্ৰুত, প্ৰযুক্তি-চালিত সমাধান নিশ্চিত কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে দেখা গৈছে। বিশ্লেষকসকলে লক্ষ্য কৰিছে যে কাৰ্তকৰ নিযুক্তিয়ে অসমৰ লগতে সমগ্ৰ উঃ-পূবত শক্তিশালী সামূহিক সংযোগ গঢ়ি তোলাত সহায় কৰিব।

কাৰ্তকক আদৰণি জনাই শ্লাইচৰ এমডি আৰু চিইঅ’ সতীশ কুমাৰ কালৰাই কয় যে, প্ৰশাসন আৰু অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত কাৰ্তকৰ দক্ষতাই বেংকটোক “ভাৰতৰ সবাতোকৈ প্ৰিয় বেংক” হোৱাৰ দৃষ্টিভংগীক পথ প্ৰদৰ্শন কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *