৩১ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ পাঁচদিনীয়া বৃহৎ কাৰ্যসূচীৰে পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰত অনুষ্ঠিত হ’ব অসম সাহিত্য সভাৰ অধিবেশন। অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বার্ষিক পাঠশালা অধিবেশনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। মঙলবাৰে অসম সাহিত্য সভাৰ অধিবেশনৰ প্ৰস্তুতি সম্পর্কে বুজ লবলে অধিবেশনস্থলীত উপস্থিত হয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা। উপস্থিত হৈ তেওঁ অধিবেশনৰ কাম-কাজৰ বুজ লয়। ইয়াৰ পিছতেই মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত কয় যে অসম সাহিত্য সভাৰ পাঠশালা অধিবেশনৰ প্রস্তুতি ইতিমধ্যে সম্পূর্ণ হৈছে। অসমীয়াই ধ্রুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ পিছত এইবাৰ প্ৰথমবাৰৰ বাবে পাঠশালাত অসম সাহিত্য সভাৰ অধিবেশনৰ আয়োজন কৰা হৈছে। সকলোৰে সহায়-সহযোগিতাত এখন খুব ভাল সাহিত্য সভাৰ অধিবেশন অনুষ্ঠিত হ’ব বুলি আশা কৰিলো। লগতে তেওঁ সাংবাদিক, ৰাজনৈতিক নেতাসকলক এখনকৈ গ্রন্থ ক্রয় কৰিবলৈও আহ্বান জনায়। মুখ্যমন্ত্ৰীৰ লগতে আদৰণি সমিতিৰ সভাপতি তথা মন্ত্রী ৰনজিৎ কুমাৰ দাস, বিধায়ক ফণীধৰ তালুকদাৰৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে সংগ দিয়ে। Share this:FacebookX Related Post navigation নতুন বছৰ কৃষকৰ বাবে হ’ব উৎসৰ্গিত: নৰেন্দ্ৰ মোদী দিল্লী বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ ৬৭ জন প্ৰাৰ্থীৰ আমানত ধন জব্দ