বিশ্বাসৰ পবিত্ৰ সম্পৰ্কক ভৰিৰে মোহাৰি মধ্যপ্ৰদেশৰ ধাৰ জিলাত সংঘটিত হ’ল এক অতি ভয়ংকৰ তথা ৰহস্যময় হত্যাকাণ্ড। জিলাখনৰ ৰাজোদ থানাৰ অন্তৰ্গত গোন্দীখেড়া চাৰণত এগৰাকী মহিলাই নিজৰ স্বামীক হত্যা কৰিবলৈ প্ৰেমিকৰ সৈতে মিলি ৰচনা কৰে এক নিখুঁত ষড়যন্ত্ৰ। আৰক্ষীৰ তীব্ৰ জেৰাত পোহৰলৈ অহা মতে, এই নৃশংস হত্যাকাণ্ডৰ মূল মাষ্টাৰমাইণ্ড আছিল মৃত দেৱকৃষ্ণ পুৰোহিতৰ নিজ পত্নী প্ৰিয়ংকা। উল্লেখ্য যে, যোৱা শনিবাৰে নিশা জলকীয়া ব্যৱসায়ী দেৱকৃষ্ণ পুৰোহিতক তেওঁৰ নিজৰ শোৱনি কোঠাতেই ডিঙি ৰেপি হত্যা কৰে দুষ্কৃতিকাৰীয়ে। প্ৰথমাৱস্থাত পত্নী প্ৰিয়ংকাই এই সমগ্ৰ ঘটনাক এক ভয়ংকৰ ডকাইতিৰ ৰূপ দিবলৈ চেষ্টা কৰে। অজ্ঞাত ডকাইতৰ দলে ঘৰত সোমাই স্বামীক হত্যা কৰাৰ লগতে তেওঁক হাত-ভৰি বান্ধি থৈ নগদ ধন আৰু সোণ-ৰূপৰ অলংকাৰ লুটি নিয়া বুলি আৰক্ষীক মিছা ভাষ্য দিয়ে প্ৰিয়ংকাই। কিন্তু ঘটনাৰ বিৱৰণত থকা গুৰুতৰ অমিল আৰু ফৰেনচিক প্ৰমাণৰ ভিত্তিত আৰক্ষীৰ সন্দেহ পত্নীৰ প্ৰতি ঘনীভূত হয়। ইয়াৰ পাছতে, জিলা আৰক্ষী অধীক্ষক মায়ংক অৱস্থীৰ নিৰ্দেশত গঠিত বিশেষ তদন্তকাৰী দলে এই ৰহস্যৰ সমাধান কৰে। আৰক্ষীৰ জেৰাৰ সন্মুখীন হৈ অৱশেষত প্ৰিয়ংকাই নিজৰ জঘন্য অপৰাধ স্বীকাৰ কৰে। প্ৰিয়ংকাই জনোৱা মতে, ৰাজগড়ৰ নিবাসী কমলেশ পুৰোহিতৰ সৈতে তেওঁৰ আছিল এক দীৰ্ঘদিনীয়া অবৈধ প্ৰেমৰ সম্পৰ্ক। স্বামীক পথৰ পৰা আঁতৰাবলৈ তেওঁ প্ৰেমিকৰ সৈতে মিলি ১ লাখ টকাৰ ছুপাৰী দি এই হত্যাকাণ্ডৰ পৰিকল্পনা কৰিছিল। কমলেশে তেওঁৰ সহযোগী সুৰেন্দ্ৰ ভাটিৰ সহায়ত দেৱকৃষ্ণক হত্যা কৰি সমগ্ৰ ঘটনাটোক ডকাইতিৰ নাটক সজায়। জানিব পৰা মতে, ১১ বছৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হোৱা দেৱকৃষ্ণ আৰু প্ৰিয়ংকাৰ সংসাৰত আৰম্ভণিৰে পৰাই সংঘাত চলি আহিছিল। মৃতকৰ মাতৃ আৰু ভগ্নীৰ মতে, প্ৰিয়ংকাই প্ৰায়েই বিবাদত লিপ্ত হৈছিল আৰু স্বামীক এৰি পিতৃগৃহত থাকিবলৈ বিচাৰিছিল। বৰ্তমান আৰক্ষীয়ে হত্যাকাৰী পত্নী প্ৰিয়ংকা আৰু তেওঁৰ প্ৰেমিক কমলেশক গ্ৰেপ্তাৰ কৰিছে। পলাতক হত্যাকাৰী সুৰেন্দ্ৰৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। এই ঘটনাই এতিয়া সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। Share this:FacebookX Related Post navigation অসম ৰাইফলছৰ ডাঙৰ সাফল্য; ভাৰত-ম্যানমাৰ সীমান্তত বিপুল বনৌষধি জব্দ গৌৰৱৰ খবৰ: নাছাত ভাৰতীয় মূলৰ অমিত ক্ষত্ৰিয়ৰ উত্থান, চন্দ্ৰ মিছনত দায়িত্ব