অনাগত সময়ত অসম কেৱল চাহৰ বাবেই নহয়, বৰঞ্চ ছেমিকণ্ডাক্টৰ বা চিপ উৎপাদনৰ কেন্দ্ৰ হিচাপেও বিশ্ব দৰবাৰত পৰিচিত হ’ব অসম। সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ চলাই বুধবাৰে এই মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ধেমাজি জিলাৰ গোগামুখত এক বিশাল জনসভাক সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যখনত স্থাপিত হ’বলগীয়া ছেমিকণ্ডাক্টৰ প্ৰকল্পই অসমৰ প্ৰযুক্তিগত পৰিচয় অধিক শক্তিশালী কৰিব। এসময়ত অসমৰ চাহে বিশ্বজুৰি চৰ্চা লাভ কৰিছিল যদিও এতিয়াৰে পৰা চাহৰ লগতে চিপ উৎপাদনৰ বাবেও অসমক বিশ্বই চিনি পাব বুলি তেওঁ উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত জনায় যে অসমৰ এই প্ৰকল্পত উৎপাদিত চিপসমূহ ইলেক্ট্ৰনিক্স আৰু মটৰ গাড়ীৰ দৰে বিভিন্ন উদ্যোগত ব্যৱহাৰ কৰা হ’ব। ভৱিষ্যতে মোবাইল ফোন, গাড়ী, টিভি বা ফ্ৰীজ— যিকোনো সামগ্ৰীয়েই অসমত নিৰ্মিত চিপৰ জৰিয়তে চলিব বুলি তেওঁ আশা প্ৰকাশ কৰে। যোৱা এটা দশকৰ খতিয়ান দাঙি ধৰি মোদীয়ে কয় যে বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনত অসমে উন্নয়নৰ এক নতুন মাত্ৰা লাভ কৰিছে। বিশেষকৈ নতুন প্ৰজন্মই ৰাজ্যখনত এক সুস্থিৰ আৰু প্ৰগতিশীল শাসন ব্যৱস্থা প্ৰত্যক্ষ কৰিছে বুলি তেওঁ দাবী কৰে।

ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতিৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে অসমে এতিয়া অশান্তজৰ্জৰ অতীতক নেওচি আগুৱাই আহিছে। বহু যুৱকে হিংসাৰ পথ পৰিহাৰ কৰি উন্নয়নৰ মূল সুঁতিত চামিল হোৱা বুলিও তেওঁ উল্লেখ কৰে। ইয়াৰ উপৰিও, মহিলাৰ মৰ্যাদা আৰু সুৰক্ষা নিশ্চিত কৰাৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে বুলি মোদীয়ে জানিবলৈ দিয়ে। একেদৰে ইউনিফৰ্ম চিভিল ক’ড তথা জনজাতীয় পৰম্পৰা আৰু পৰিচয় ৰক্ষাৰ দৰে প্ৰস্তাৱসমূহৰ বিষয়েও তেওঁ ভাষণত আলোকপাত কৰে। মঙলবাৰে প্ৰকাশিত বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰখনক ৰাজ্যখনৰ অধিক প্ৰগতিৰ এক দলিল বুলি অভিহিত কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *