এছবিআই জেনেৰেল ইঞ্চুৰেন্সে মাৰুতি চুজুকি বীমা ব্ৰকিঙৰ সহযোগত মেঘালয়ৰ ৰি-ভই জিলাৰ নংপোত এক বীমা সজাগতা শিবিৰৰ আয়োজন কৰা হয়। জৰুৰীকালীন অৱস্থাত বিত্তীয় সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত বীমাৰ গুৰুত্বৰ বিষয়ে স্থানীয় লোকসকলক সজাগ কৰাৰ লক্ষ্যৰে এই পদক্ষেপ লোৱা হৈছে। এই বিশেষ শিবিৰত বিনামূলীয়া বাহন আৰু চকু পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছিল, এই কেম্পত নংপো অঞ্চলৰ বিভিন্ন সম্প্ৰদায়ৰ লোকসকলৰ মাজত বিশেষ উৎসাহ দেখা গৈছিল। ইয়াৰ পূৰ্বে শ্বিলঙৰ ছেইণ্ট মেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা অনুষ্ঠানত নংপোতো এনে অনুষ্ঠান আয়োজনৰ সিদ্ধান্ত লোৱা হৈছিল। এনে প্ৰয়াসসমূহ ৰাজ্যজুৰি বিত্তীয় সাক্ষৰতা আৰু সুৰক্ষাৰ সজাগতা বৃদ্ধিৰ এক বৃহত্তৰ অভিযানৰ অন্যতম অংশ। এছবিআইৰ এগৰাকী সাধাৰণ মুখপাত্ৰই এই বিষয়ে কয় যে, “মেঘালয়ৰ আগশাৰীৰ বীমা প্ৰতিষ্ঠান হিচাপে আমি বীমা সজাগতা বৃদ্ধিৰ বাবে সমৰ্পিত হৈ আছোঁ। মাৰুতি চুজুকি বীমা ব্ৰকিঙৰ সৈতে আমাৰ অংশীদাৰিত্বই আমাক ইঞ্চুৰেন্সৰ বিষয়ে গুৰুত্বপূৰ্ণ জ্ঞানেৰে সমাজখনক শক্তিশালী কৰিবলৈ সুযোগ প্ৰদান কৰিছে, যাতে সাধাৰণ লোকসকলক জ্ঞাত বা সঠিব সিদ্ধান্ত লোৱাত সহায়ক হয়।” ভাৰতৰ জনসংখ্যাৰ প্ৰায় ৯৫% লোক এতিয়াও বীমাহীন, সেয়েহা এছবিআই জেনেৰেলৰ লক্ষ্য হৈছে চৰকাৰী প্ৰতিষ্ঠান আৰু বেচৰকাৰী সংগঠনবোৰৰ জৰিয়তে আগন্তুক দিনবোৰত সহযোগিতা কৰি বীমাৰ প্ৰৱেশ-ব্যৱহাৰ বৃদ্ধি কৰা। Share this:FacebookX Related Post navigation বিএলএছ ই-চাৰ্ভিচেছে অসমত গুৰুত্বপূৰ্ণ স্বাস্থ্য বীমা সামগ্ৰী আগবঢ়োৱাৰ বাবে এভিআইচিএলৰ সৈতে অংশীদাৰীত্ব কৰিছে প্ৰীতিশা বৰ্মনে ৱৰ্ল্ডস্কিলচ ২০২৪ত সৌন্দৰ্য চিকিৎসা শ্ৰেণীত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ সাজু হৈছে