ন্যায়াধীশ সঞ্জীৱ খান্নাই ভাৰতৰ ৫১ তম মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে। ন্যায়াধীশ সঞ্জীৱ খান্নাই সোমবাৰে পুৱা ৰাষ্ট্ৰপতি ভৱনত ভাৰতৰ ৫১ তম মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে। ৰাষ্ট্ৰপতি দ্ৰৌপাদি মুৰ্মুৱে ভাৰতৰ নতুন মুখ্য ন্যায়াধীশক শপত বাক্য পাঠ কৰোৱায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও অনুষ্ঠানটোত উপস্থিত থাকে।

 ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে দেওবাৰে ভাৰতৰ ৫০ তম মুখ্য ন্যায়াধীশ হিচাপে তেওঁৰ কাৰ্যকাল সম্পূৰ্ণ কৰিছিল। তেওঁ দুবছৰতকৈও অধিক সময় এই পদত আছিল। ন্যায়াধীশ খান্নাক ২৪ অক্টোবৰত ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছিল। তেওঁ ১৯৮৩ চনত তেওঁৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।

উচ্চতম ন্যায়ালয়ৰ পূৰ্বে, তেওঁ দিল্লীৰ তিছ হাজাৰী জিলা আদালত, দিল্লী উচ্চ ন্যায়ালয়কে ধৰি বহুতো আদালতত অনুশীলন কৰিছে। ইয়াৰ উপৰিও, ভাৰতৰ নৱ নযুক্ত মুখ্য ন্যায়াধীশজন  নিৰ্বাচনী বণ্ড গোচৰ আৰু অনুচ্ছেদ ৩৭০ গোচৰৰ শুনানি আৰু সিদ্ধান্তৰ সৈতেও জড়িত আছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *